অসম

assam

বনৰীয়া হাতীৰ তাণ্ডৱ

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 5:01 PM IST

ETV Bharat / videos

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

চামগুৰি, 10 জানুৱাৰী : ক্ৰমাৎ যেন বাঢ়ি আহিছে হাতী-মানুহৰ সংঘাত ৷ বন-বিভাগে ঠায়ে ঠায়ে বিভিন্ন পন্থা হাতত লৈছে যদিও কিন্তু বিভিন্ন এলেকাত কেৱল উপস্থিত হৈয়েই দায়িত্ব সামৰিছে ৷ কিছু কিছু অঞ্চলত গাঁৱৰ ৰাইজৰ সৈতে মিলি ফটকা ফুটোৱাৰ বাহিৰে হাতী হাবিলৈ খেদি পঠোৱাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ শেহতীয়াকৈ নগাঁৱৰ চামগুৰিত এটা বনৰীয়া হাতীয়ে অত্যাচাৰ চলাই থকাৰ কথা জানিব পৰা গৈছে ৷ হাতীটোৰ মুক্ত বিচৰণত ভয়ত বিতত গঞা ৷

নগাঁৱৰ চামগুৰিত এই বন্যহস্তীটোৱে উপদ্ৰৱ চলাই এজন লোকৰ ঘৰত পথাৰৰ পৰা চপাই আনি থোৱা ধান খাই কৰে তহিলং কৰে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বন্য হস্তীটোৱে চামগুৰি অঞ্চলৰ বিভিন্ন ঠাইত উপদ্ৰৱ চলাই আহিছে । কিন্তু বন বিভাগৰ চৰম ব্যৰ্থতা যে, হাতীটোক এতিয়ালৈকে পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই তেওঁলোক । কেৱল ফটকা ফুটাই নিজৰ দায়িত্ব সামৰে স্থানীয় বন বিভাগে । এতিয়া খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ খবৰে সংবাদমাধ্যম গৰম কৰি ৰাখিছে ৷

লগতে পঢ়ক :জয়পুৰৰ নামচাং চাহ-বাগিচাত বনৰীয়া হাতীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details