অসম

assam

বন্যহস্তীৰ ত্ৰাস

ETV Bharat / videos

Elephant menace : চকুৰ টোপনি নাইকিয়া কৰিছে বন্যহস্তীয়ে

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 9:26 AM IST

চামগুৰি, 10 নৱেম্বৰ : চামগুৰিত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নিতৌ বনৰীয়া হাতীৰ আক্ৰমণৰ ভয়তে দিন কটাবলগীয়া হৈছে ৰাইজে ৷ ৰাতিটো বাদেই দিনতে ঘূৰি ফুৰিছে 20 পৰা 30 জনীয়া হাতীৰ জাক ৷ উল্লেখ্য যে, চামগুৰিৰ গেন্ধালি বেবেজীয়া গাঁৱত দেখিবলৈ পোৱা গৈছে বন্যহস্তীৰ উপদ্ৰৱ ।

মন কৰিবলগীয়া বিষয় যে, গেন্ধালি বেবেজীয়া অঞ্চলটোত বহু দিনৰে পৰা বন্যহস্তীৰ উপদ্ৰৱ চলি আছে যদিও বন বিভাগৰ কোনো কাণসাৰ নাই । কোৱল মাত্ৰ দুই তিনিটা ফটকা ফুটাই বন বিভাগে নিজৰ দায়িত্ব সামৰিছে । উল্লেখ্য যে, বন্যহস্তীৰ জাকটোৱে মানুহৰ ঘৰ দুৱাৰ লণ্ড-ভণ্ড কৰাৰ লগতে কেইবা বিঘা ধাননি পথাৰ বিনষ্ট কৰিছে । সেই হেতুকে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক :Wild elephant terror:কঠিয়াতলীৰ কন্দলী আহুতলীত নিতৌ বন্যহস্তীৰ উপদ্ৰৱ

ABOUT THE AUTHOR

...view details