অসম

assam

বঢ়মপুৰৰ বেবেজীয়া বাগানত মৃত্যু এটি বন্যহস্তীৰ

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 2:38 PM IST

ETV Bharat / videos

বঢ়মপুৰৰ বেবেজীয়া বাগানত মৃত্যু এটি বন্যহস্তীৰ

চামগুৰি,১০ ডিচেম্বৰ:নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ গড়চুক বেবেজীয়া পথাৰত বন্যহস্তীয়ে কৰুণ মৃত্যু । পাঁচদিন পূৰ্বে বলিজুৰিৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল বন্যহস্তীটো । কিন্তু বন্যহস্তীটো আঘাতপ্ৰাপ্ত হোৱাত গড়চুকৰ এখন পথাৰত চাৰিদিন ধৰি যন্ত্ৰণাত বাগৰি পৰে । স্থানীয় বনবিভাগে হাতীটোৰ স্বাস্থ্যৰ ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণৰ কৰিব লাগিছিল তাৰ উচিত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ নকৰাত হাতীটোৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত শনিবাৰে সন্ধিয়াভাগত হাতীটোৰ মৃত্যু হয় ।

শনিবাৰৰ দিনটোত স্থানীয় পশু চিকিৎসকৰ এটা দলে হাতীটোৰ বচাবলৈ পাৰ্যমানে চিকিৎসা কৰিছিল যদিও শনিবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত হাতীটোৰ মৃত্যু হয় । সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ কৰাৰ পাচতো ঘটনাস্থলীত জিলা বন বিষয়া তথা জিলা প্ৰশাসনৰ লোক উপস্থিত নোহোৱাত স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰে । এক পৰিতাপৰ বিষয় যে স্থানীয় বন বিভাগ আৰু স্থানীয় পশু চিকিৎসকৰ দলটোৱে হাতীটোক বচাবলৈ যেনেধৰণৰ তৎপৰতা দেখুৱাব লাগিছিল এই তৎপৰতা নেদেখুওৱাৰ অভিযোগ ৰাইজৰ ।  

লগতে পঢ়ক:৬০ বছৰীয়া পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত ষাঁড় যুঁজৰ অনুমোদন দিবলৈ আহ্বান বালিকুৰিবাসীৰ

ABOUT THE AUTHOR

...view details