অসম

assam

ৰঙাপৰাত উদ্ধাৰ এটা বনৰীয়া হাতীৰ পোৱালি

ETV Bharat / videos

Elephant calf rescued : ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ - Wild elephant at Dhendai Tea Estate

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 2:20 PM IST

ৰঙাপৰা, 24 ছেপ্টেম্বৰ :শোণিতপুৰ জিলাৰ ৰঙাপৰাত দেওবাৰে উদ্ধাৰ কৰা হয় এটা বনৰীয়া হাতীৰ পোৱালি । এটা বৃহৎ হাতীৰ জাকৰ পৰা হাতীৰ পোৱালিটো বিচ্ছিন্ন হৈ পৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, হাতী পোৱালিটোৰ বয়স প্ৰায় দুই-মাহ ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল এটা প্ৰায় 50 জনীয়া এটা বনৰীয়া হাতীৰ জাক ৷ এটা হাতীৰ জাকটোত আছিল কেবাটাও পোৱালিও ৷ বনৰীয়া হাতীৰ জাকটোৰ লগত থকা মাইকী এজনী হাতীজনীয়ে ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ 23 নং শ্ৰমিক লাইনত নিশা এৰি থৈ যায় প্ৰায় তিনিমহীয়া হাতীৰ পোৱালিটোক ।

তাৰ পাচতে বনৰীয়া হাতীৰ পোৱালিটোৱে বাগিচাৰ ইফালে সিফালে মাকক বিচাৰি আৰ্তনাদ কৰি ফুৰে ৷ পৰৱৰ্তী সময়ত প্ৰকৃতিপ্ৰমী ৰাইজে বনৰীয়া হাতীৰ পোৱালিটোক ধৰি ৰঙাপৰা আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা অহা এটা বন বিভাগৰ দলক গতাই দিয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেইবাটাও বনৰীয়া হাতীৰ পোৱালি ধেন্দাই চাহ বাগিচাৰ মাজত উদ্ধাৰ হৈছিল ।

লগতে পঢ়ক :Wild elephant attack: তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

ABOUT THE AUTHOR

...view details