Tingkhang incident: টিংখাঙত বিদ্যুৎ বিভাগৰ গাফিলতিত ভয়ংকৰ ঘটনা - electrode at tingkhong
টিংখাঙত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বহু লোকৰ(Electrode at tingkhong) ৷ টিংখাং বৈদ্যুতিক উপসংমণ্ডলৰ অধীনৰ সৰুজনী চাহ বাগিচাৰ আজিবাগলৈ যোৱা পথত বুধবাৰে বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰাত প্ৰায় ২৫ ঘৰ মানুহৰ বিভিন্ন মূল্যৱান সা-সৰঞ্জাম জ্বলি নষ্ট হৈছে । শ্বৰ্টচাৰ্কিটৰ ফলত প্ৰায় ২৫ ঘৰ পৰিয়ালৰ টিভি, ইনভাৰ্টাৰ, বাল্ব , ফেন আদি জ্বলি সম্পূৰ্ণৰূপে গলি যায় ৷ এই ঘটনাত দৈৱক্ৰমেহে কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে । ঠাইখনৰ মাজেদি পাৰ হৈ যোৱা উচ্চ ক্ষমতাসম্পন্ন 11000 KVA HT লাইন ছিঙি গৈ 220 KVA LT লাইনত পৰাৰ ফলতেই এই ঘটনাৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:37 PM IST