অসম

assam

আমগুৰিত জ্বলিল দিল্লীস্থিত নিৰ্বাচনী আয়োগৰ প্ৰতিকৃতি

ETV Bharat / videos

Election Commission effigy burnt: আমগুৰিত জ্বলিল দিল্লীস্থিত নিৰ্বাচনী আয়োগৰ প্ৰতিকৃতি - Protest against constituency delimitation

By

Published : Jul 8, 2023, 5:33 PM IST

আমগুৰি,৮ জুলাই: শিৱসাগৰ জিলাৰ আমগুৰিত শনিবাৰে ১২ দলীয় বিৰোধী ঐক্যৰ মৰ্চাৰ প্ৰতিনিধিক দিল্লীত নিৰ্বাচনী আয়োগে সাক্ষাৎ নিদিয়াৰ পৰিপ্ৰেক্ষিতত আমগুৰি চাৰিআলিত নিৰ্বাচনী আয়োগৰ প্ৰতিমূৰ্তি দাহ কৰা হয় । আমগুৰি নগৰ চাৰিআলিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে দিল্লীস্থিত নিৰ্বাচনী আয়োগক লগ কৰিবলৈ যোৱা ১২ দলীয় বিৰোধী ঐক্যৰ মৰ্চাৰ প্ৰতিনিধিসকলক নিৰ্বাচন আয়োগে সময় নিদিয়াৰ প্ৰতিবাদত নিৰ্বাচনী দিল্লীস্থিত নিৰ্বাচনী আয়োগৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।  

প্ৰতিবাদকাৰীসকলে নিৰ্বাচনী বিষয়া হায় হায়, বিজেপিৰ আঙুলি মূৰত নচা নিৰ্বাচনী বিষয়া হুচিয়াৰ, বিজেপি হুচিয়াৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, সমষ্টি পুনৰ নিৰ্ধাৰণ কাৰ্য বাতিল কৰিব লাগিবই, দিল্লী নিৰ্বাচনী বিষয়াৰ কাম নাই আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত দিল্লীস্থিত নিৰ্বাচনী লগ কৰিবলৈ যোৱা বিৰোধী ঐক্যক লগ নিদিলে বা সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰ্য বাতিল নকৰিলে দিল্লীস্থিত নিৰ্বাচনী আয়োগ, অসমৰ নিৰ্বাচনী আয়োগ আৰু হিন্দু বাংলাদেশী ৰক্ষক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিকোনো ধৰণৰে প্ৰতিবাদ কৰা হ'ব বুলি হুংকাৰ দিয়ে । 

লগতে পঢ়ক:Ghy Water pipe burst: পানীৰ পাইপ দিল্লী, কেৰালাতো ফুটে; মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details