অসম

assam

Crime in Nagaon:নগাঁৱত উদণ্ড যুৱকৰ বয়স্ক লোকক প্ৰহাৰ

By

Published : Aug 16, 2023, 5:33 PM IST

নগাঁৱৰ আমোলাপট্টিৰ শ্মশান কালী মন্দিৰ

নগাঁও, ১৬ আগষ্ট:নগাঁৱত ৭৪ বছৰীয়া এজন লোকক এজন উদণ্ড যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । বুধবাৰে পুৱা নগাঁৱৰ আমোলাপট্টিৰ শ্মশান কালী মন্দিৰৰ চৌহদত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা । কালী পূজাৰ কাৰিকৰক প্ৰথমে প্ৰহাৰ কৰে জান ৰজক নামৰ উদণ্ড যুৱকজনে । কাৰিকৰৰ লগত হোৱা কাজিয়া ভাঙিবলৈ যাওঁতে উদণ্ড যুৱক জান ৰজকে প্ৰহাৰ কৰে দিনেশ কলিতা নামৰ ৭৪ বছৰীয়া লোকজনক ।  

ইপিনে,চিচি টিভিৰ কেমেৰাত বন্দী হৈছে লোকজনক প্ৰহাৰ কৰা সমস্ত ঘটনা । উদণ্ড যুৱকজনে লোকজনক চৰ-ঘোচা সোধোৱাৰ লগতে মাটিত পেলাই ভৰিৰে গচকি প্ৰহাৰ কৰে ৷ কালী মন্দিৰৰ চৌহদত লোকজনক উদণ্ড যুৱকে প্ৰহাৰ কৰা এই ঘটনাই নগাঁৱত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ৷ ইতিমধ্যে জান ৰজক নামৰ উদণ্ড যুৱকজনৰ বিৰুদ্ধে ইটাচালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী দিনেশ কলিতাই ৷

লগতে পঢ়ক:Emergency mobile van in Nalbari: টিহুত ভ্ৰাম্যমাণ পশুধনৰ জৰুৰীকালীন মোবাইল ভান মুকলি

ABOUT THE AUTHOR

...view details