Shot dead in Tezpur: জ্যেষ্ঠ ভাতৃয়ে গুলীয়াই হত্যা কৰিলে কনিষ্ঠ ভাতৃক - গুলীয়াই হত্যা
তেজপুৰ, ৮ মাৰ্চ : হোলীৰ আনন্দ উল্লাহৰ মাজতে তেজপুৰ চহৰৰ গাৰুৱানপট্টিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা (Shot dead in Tezpur) ৷ জ্যেষ্ঠ ভাতৃয়ে গুলীয়াই হত্যা কৰিলে কনিষ্ঠ ভাতৃক (Firing Shot dead in Tezpur) ৷ বুধবাৰে বিয়লি ৪ বজাত নিজ গৃহৰ সন্মুখত জ্যেষ্ঠ ভাতৃ অচিন্ত দাসে ব্যক্তিগত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰৰে কনিষ্ঠ ভাতৃ বিষ্ণু দাসক ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰে (Elder Brother shot dead brother)।
পৰিয়ালকেন্দ্ৰিক সংঘাটৰ ফলত এই ঘটনা সংঘটিত হৈছে বুলি আশংকা কৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে ৷ তেজপুৰ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৱে ঘটনা সন্দৰ্ভত জনায় যে বিষ্ণু দাসে বিয়লি কোনো ঠাইৰ পৰা স্কুটীৰে আহি থকা অৱস্থাত জ্যেষ্ঠ ভাতৃ অচিন্ত দাসে শূন্য দূৰত্বৰ পৰা কনিষ্ঠ ভাতৃক গুলীয়াই হত্যা কৰে । লগে লগে আঘাতপ্ৰাপ্ত বিষ্ণুক তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যে বিষ্ণুৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ।
বিষ্ণু দাসে (৪২) গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ৷ হোলীৰ উপলক্ষে ঘৰলৈ আহিছিল বিষ্ণু । আনহাতে অচিন্ত দাস (৪৪) তেজপুৰৰে এগৰাকী প্ৰখ্যাত ব্যৱসায়ী । আৰক্ষীয়ে হত্যাকাৰী অচিন্ত দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ ব্যক্তিগত ৰিভলভাৰটো জব্দ কৰে ।
লগতে পঢ়ক: Poachers arrested: সোনাই-ৰূপাই অভয়াৰণ্যত বনকৰ্মীৰ গুলীবৰ্ষণ; জালত পৰিল চোৰাং চিকাৰী