ৰাষ্ট্ৰীয় স্কুৱে চেম্পিয়নশ্বীপত আঠটাকৈ পদক আঁজুৰিলে অসম সন্তানে
Published : Jan 11, 2024, 10:15 PM IST
ডিব্ৰুগড়, 11 জানুৱাৰী: ২৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুৱে চেম্পিয়শ্বীপৰ জৰিয়তে মৰাণৰ আঠগৰাকী খেলুৱৈয়ে অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ ৷ ৪ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ ৰাজস্থানৰ জয়পুৰস্থিত জ্ঞানবিহাৰ বিশ্ববিদ্যালয়ত স্কুৱে এছ’চিয়েচন ৰাজস্থান আৰু স্কুৱে ফাউণ্ডেছন ভাৰতৰ উদ্যোগত অনুস্থিত হৈছিল ২৪ তম্ ৰাষ্ট্ৰীয় স্কুৱে চেম্পিয়নশ্বীপ ৷
উক্ত চেম্পিয়নশ্বীপত মৰাণৰ আঠগৰাকী খেলুৱৈয়ে ডিব্ৰুগড় জিলাৰ হৈ অসম দলক প্ৰতিনিধিত্ব কৰি জুনিয়ৰ, চাব জুনিয়ৰ আদি বিভিন্ন শাখাত ৯ টা ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হয় । ৰে’লযোগে দলটো মৰাণত আহি উপস্থিত হোৱাৰ লগেলগে উষ্ম আদৰণি জনায় মৰাণ আৰু খোৱাংবাসীয়ে ।
উল্লেখ্য যে উক্ত আঠগৰাকী খেলুৱৈৰ ভিতৰত কেবাগৰাকীও খেলুৱৈয়ে আগন্তুক নেশ্যনেল গেমছৰ বাবে প্ৰস্তুতি চলাই আছে । ডিব্ৰুগড় জিলাৰ পৰা অসম স্কুৱে দলৰ হৈ ছোৱালী দলৰ হৈ প্ৰণিতা চুতীয়াই এটা চিলভাৰ, এটা ব্ৰঞ্জৰ, ৰিচা শইকীয়াই এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷
আনহাতে ল’ৰা দলৰ হৈ কপিল ফুকনে দুটা ব্ৰঞ্জৰ পদক, চাহিল সোণোৱাল, খেমন্ত বৰুৱা আৰু উৎপল গগৈয়ে এটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক:ৰঞ্জী ট্ৰফীত ৰিয়ান পৰাগৰ উজ্জীৱিত প্ৰদৰ্শন; ছত্তীশগড়ৰ বিৰুদ্ধে ৮৬ টা বলত ১৫৫ ৰাণৰ ইনিংছ