অসম

assam

গুৱাহাটীত ঈদ উল ফিটৰ

By

Published : Apr 22, 2023, 2:12 PM IST

ETV Bharat / videos

Eid Ul Fitr in Guwahati: মাছখোৱাত ঈদগাহ ময়দানত ৫ হাজাৰৰ একেলগে নামাজ আদায়

গুৱাহাটী, ২২ এপ্ৰিল:আজি ঈদ উল ফিটৰ (Eid Ul Fitr celebrations )। বিশ্বজুৰি আজিৰ এই দিনটোত বিশ্বৰ শান্তি-সম্প্ৰীতিৰ বাবে আল্লাৰ ওচৰত মুছলমান সমাজে নামাজ আদায় কৰিছে । পবিত্ৰ ৰমজান মাহৰ উপবাসৰ পাচত আনন্দ-স্ফুৰ্তিৰে আল্লাৰ আগত শান্তি আৰু সুস্বাস্থ্যৰ প্ৰাৰ্থনা কৰিছে । বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ সামৰণিত দেশৰ আন ৰাজ্যৰ লগতে অসমতো শনিবাৰে ঈদ-উল-ফিটৰ উলহ-মালহেৰে পালন কৰা হয় । ঈদক কেন্দ্ৰ কৰি ৰাজ্যৰ আন ঠাইৰ লগতে গুৱাহাটী মহানগৰীতো উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা মছজিদ, ঈদগাহ ময়দান আদিত পুৱাৰভাগত সমূহীয়া নামাজ সম্পন্ন হয় (Eid Ul Fitr 2023 celebration at Guwahati) ।

অতি পুৰণি মাছখোৱাস্থিত গুৱাহাটী ঈদগাহ ময়দানত আন বছৰৰ দৰে এইবেলিও সমূহীয়া নামাজ সম্পন্ন হয় (Guwahati Eidgah Maidan at Maskhowa)। এই নামাজত গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা অহা ইছলাম ধৰ্মাৱলম্বী শিশুৰ পৰা জ্যেষ্ঠলৈকে সকলোৱে অংশগ্ৰহণ কৰে । এইবাৰ ঈদগাহ ময়দানত পুৱা ৯.৩০ পৰা হোৱা সমূহীয়া নামাজত প্ৰায় ৫০০০ হাজাৰ লোকে অংশগ্ৰহণ কৰে । বিশ্ব শান্তি ,সমন্বয় তথা ভাতৃত্ববোধৰ অটুত থকা, বিশ্ববাসীৰ কল্যাণ আৰু ৰাজ্যত বানপানী যাতে নহয় তাৰ বাবে প্ৰাৰ্থনা কৰা হয় ।  

লগতে পঢ়ক:Eid al Fitr Celebration: সাতগাঁও জামে মছজিদ প্ৰাঙ্গনত ঈদৰ সমূহীয়া নামাজ

ABOUT THE AUTHOR

...view details