Eid Ul Fitr 2023: ডিফুত উলহ মালহেৰে ঈদ উল ফিটৰ উদযাপন
ডিফু, ২২এপ্ৰিল: সমগ্ৰ ৰাজ্য়ৰ লগতে আজি কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হয় পৱিত্ৰ ঈদ-উল-ফিটৰ (Eid Ul Fitr celebrated in Assam ) ৷ ডিফু চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকে ডিফু জামে মছজিদত নামাজ পঢ়ে ৷ তিনি সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে ডিফু জামে মছজিদত আলহাজ মৌলানা গিয়াছ উদ্দিনৰ কাছিমীৰ ইমামতীত্বত ঈদ উল ফিটৰৰ ২ ৰাকাত ওৱাজিৱ নামাজ আদায় কৰে ৷ মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে বিশ্ব জাহানত চিৰশান্তি আৰু ভাতৃত্ববোধেৰে সমন্বয় গঢ়ি তোলাৰ বাবে অদৃশ্যজনৰ প্ৰাৰ্থনা জনায় (Eid Ul Fitr celebrated in Diphu) ৷
ঈদৰ নামাজৰ পূৰ্বে ভক্তপ্ৰাণ সকলে দুখীয়া-নিচলা সকলৰ মাজত ফেচৰা, জাকাত আদি আদায় কৰে ৷ ইমাম মৌলানা আলহাজ গিয়াছ উদ্দিন কাছিমীয়ে কয় যে, ঈদৰ নামাজৰ জৰিয়তে বিশ্ব শান্তি আৰু ভাতৃত্ববোধেৰ বাবে বিশেষ প্ৰাৰ্থনাৰ কৰা হয় । কাৰ্বি আংলঙতো শান্তিৰে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যাতে বসবাস কৰিব পাৰে তাৰ বাবে প্ৰাৰ্থনা কৰা হয় বুলি তেওঁ কয় ৷
লগতে পঢ়ক:Dalai Lama viral video controversy: টাৱাঙত দালাই লামাৰ সমৰ্থনত সমদল বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ