অসম

assam

শিৱসাগৰৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ লগত একত্ৰীকৰণৰ প্ৰস্তাৱ শিক্ষামন্ত্ৰীৰ

ETV Bharat / videos

University amalgamation: শিৱসাগৰৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ লগত একত্ৰীকৰণৰ প্ৰস্তাৱ শিক্ষামন্ত্ৰীৰ - অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 9:06 PM IST

গুৱাহাটী, 13 ছেপ্টেম্বৰ :আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয়টো দিন ৷ সদনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিৱসাগৰত থকা Rajiv Gandhi University of cooperative management খন The Assam repealing bill, 2023 জৰিয়তে বন্ধ কৰি বিশ্ববিদ্যালয়খন শিৱসাগৰ বিশ্ববিদ্যালয়ৰ লগত চামিল কৰাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ পিচতে সদন উত্তাল হৈ উঠে ৷ কংগ্ৰেছৰ বিধায়কসকলৰ লগতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সদন উত্তাল‌ কৰি তোলে। 

এই প্ৰস্তাৱৰ বিৰোধিতা কংগ্ৰেছৰ বিধায়কসকলে বিধানসভাৰ মজিয়াত প্ৰতিবাদ কৰি সদন ত্যাগ কৰে। কংগ্ৰেছৰ নেতাসকলে ৰাজীৱ গান্ধীৰ নামটো থকাৰ বাবে এই বিশ্ববিদ্যালয়খন বিলুপ্তি কৰিবলৈ বিচাৰিছে নেকি প্ৰশ্ন উত্থাপন কৰে ৷  

উল্লেখ্য যে, এই বিশ্ববিদ্যালয়খন 2010 চনত স্থাপন কৰা‌ হৈছিল ৷ পৰৱৰ্তী সময়লৈ 2012 চনত বিশ্ববিদ্যালয়খনে ইউ জি চিৰ স্বীকৃতি পাইছিল। বিশ্ববিদ্যালয়খন শিৱসাগৰ বিশ্ববিদ্যালয়ৰ লগত চামিল‌ কৰাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে বিধানসভাত যুক্তি দৰ্শায় কয় যে, সেই সময়ত বিশ্ববিদ্যালয়খন যিসকলে প্ৰতিষ্ঠা কৰিছিল, যিসকলে বিল কাৰ্যকৰী কৰাইছিল, কিন্তু তেওঁলোকে বিশ্ববিদ্যালয়খনৰ আন্তঃগাথনিৰ বাবে ধন আৱণ্টন নকৰিলে ৷ ফলত বিশ্ববিদ্যালয়খনে এখন পূৰ্ণাংগ বিশ্ববিদ্যালয় হিচাপে গঢ় লৈ নুঠিলে ৷

লগতে পঢ়ক:GP Singh meets MLA Sushata Borgohain: মাতৃহাৰা বিধায়ক সুশান্ত বৰগোহাঁইক সাক্ষাৎ জি পি সিঙৰ

ABOUT THE AUTHOR

...view details