অসম

assam

ETV Bharat / videos

ছাইময় বাঘজান সেউজীয়া হোৱাৰ দিশে - অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

By

Published : Aug 28, 2022, 3:51 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

বাঘজানত আশাৰ ৰেঙনি ৷ ছাইময় বাঘজান সেউজীয়া হোৱাৰ দিশে (Baghjan fire incident) ৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানৰ উদ্যোগত বাঘজান BGN-5 নং তৈল কূপত বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় (Ecological restoration at Baghjan) । দেওবাৰে বাঘজান অইল বিস্ফোৰণ কাণ্ডত ক্ষতি হোৱা পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰৰ (Ecological restoration) উদ্দেশ্যে আৰু বাঘজানবাসীক এখন অৰণ্য উপহাৰ দিয়াৰ উদ্দেশ্য আগত ৰাখি প্ৰায় ৪৬ টাকৈ থলুৱা প্ৰজাতিৰ লগতে বাহিৰৰ কেইবাটাও প্ৰজাতিৰ ৩৫ হাজাৰ গছপুলি ৰোপণ কৰে ৷ উল্লেখযোগ্য যে, যোৱা ২০২০ বৰ্ষৰ ২৭ মে'ত বাঘজান BGN-5 নং তৈল কূপত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত পৰিৱেশ তন্ত্ৰৰ ব্যাপক ক্ষতি হৈছিল। লগতে বিস্ফোৰণত অইলৰ তিনিজনকৈ কৰ্মচাৰী আৰু স্থানীয় এজন লোকৰ মৃত্যু হৈছিল। শ্বহীদসকলক স্মৰণ কৰি দেওবাৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানৰ এক চুক্তিৰ আধাৰত থলুৱা আৰু বাহিৰৰ বিভিন্ন প্ৰজাতিৰ দিনজোৰা কাৰ্যসূচীৰে গছপুলি ৰোপণৰ মহৎ কাৰ্যসূচী ৰূপায়ণ কৰে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details