E rickshaw Driver Protest : প্ৰাপ্যৰ দাবীত ৰাজপথত ই ৰিক্সা চালকৰ প্ৰতিবাদ - প্ৰাপ্যৰ দাবীত ৰাজপথত ই ৰিক্সা চালক
বঙাইগাঁও জিলাৰ মানিকপুৰত ই ৰিক্সা চালক সন্থাৰ উত্তাল প্ৰতিবাদ (Protest by E rickshaw in Manikpur) । ই ৰিক্সা চালকৰ পৰা আৰক্ষীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচল বন্ধ কৰাৰ বিৰোধিতাৰে এই প্ৰতিবাদ । মানিকপুৰ, পাতিলাদহা, চকিহালিৰ শতাধিক ই ৰিক্সা চালকে মানিকপুৰ চাৰিআলি চ’কৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰি মানিকপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সামৰণি মাৰে । মানিকপুৰৰ ই ৰিক্সা চালকসকলৰ পৰা মানিকপুৰ আৰক্ষীয়ে দৈনিক পাঁচশ টকাকৈ জৰিমনা আদায় কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচল বন্ধ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ই ৰিক্সা চালক সন্থাই (E-rickshaw drivers protest demanding their rights)। ই ৰিক্সা চালক সন্থা জিন্দাবাদ, আৰক্ষীয়ে ধন সংগ্ৰহ কৰা বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । মাণিকপুৰ ই ৰিক্সা চালকসকলে আৰক্ষীৰ দ্বাৰা জোৰ-জুলুম কৰি ধন সংগ্ৰহ কাৰ্যৰ তীব্ৰ সমালোচনা কৰাৰ লগতে বিষয়টোত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে ।
Last Updated : Feb 3, 2023, 8:36 PM IST