Ravana Dahan at Kharupetia : খাৰুপেটীয়াত দহন প্ৰায় ৬০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি - দশেৰা বা ৰাৱণ দহন উৎসৱ
Published : Oct 26, 2023, 6:53 AM IST
|Updated : Oct 26, 2023, 9:10 AM IST
দলগাঁও, ২৬ অক্টোবৰ :জনসমুদ্ৰত পৰিণত খাৰুপেটীয়াৰ দশেৰা উৎসৱস্থলী । বিজয়া দশমীৰ সন্ধিয়া শব্দ আৰু পোহৰৰ মায়াজালে খাৰুপেটীয়াৰ টাউন খেলপথাৰত উপস্থিত হাজাৰ হাজাৰ জনতাক মুগ্ধ কৰি তুলিলে । এক ৰোমাঞ্চকৰ ঘটনাৰ সাক্ষী হৈ ৰ’ল খাৰুপেটীয়াৰ অগনন জনতা । কিয়নো বুধবাৰে খাৰুপেটীয়াৰ টাউন খেলপথাৰত আয়োজন কৰা হয় দশেৰা বা ৰাৱণ দহন উৎসৱ ৷
উল্লেখ্য যে, বুধবাৰে চিম্ফনী গ্ৰুপ (Symphony Group) ৰ উদ্যোগত আয়োজন কৰা হয় এই দশেৰা উৎসৱ ৷ অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ জয়ৰ বাবে আয়োজিত এই দশেৰা উৎসৱত দহন কৰা হয় প্ৰায় ৬০ ফুট উচ্চতাৰ ৰাৱণৰ বিশাল প্ৰতিমূৰ্তি ৷ অৱশ্যে ৰাৱণ দহনৰ পূৰ্বে উপস্থিত ৰাইজৰ মাজত কুইজ, নৃত্য আদিৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ।
লগতে পঢ়ক :Vijyayadashmi: দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰত জ্বলিল ১০০ ফুট উচ্চতাৰ বিশালকায় ৰাৱণৰ প্ৰতিমূৰ্তি