অসম

assam

তিনিচুকীয়াৰ টিংৰাই হাবি গংগাপাৰা পূজা সমিতিৰ ৰাৱণ দহন কাৰ্সূযচী

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 10:12 PM IST

ETV Bharat / videos

Ravan Dahan in Tinsukia: তিনিচুকীয়াৰ টিংৰাই হাবি গংগাপাৰা পূজা সমিতিৰ ৰাৱণ দহন কাৰ্সূযচী

তিনিচুকীয়া, ২৫ অক্টোবৰ : আজি বিজয়া দশমী ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গতিনাশীনি দেৱী দুৰ্গাক শেষ বিদায় জনায় । তিনিচুকীয়াতো শতাধিক দুৰ্গা পূজা সমিতিয়ে গুইজান ঘাটত দেৱী দুৰ্গাক অশ্ৰুসিক্ত নয়নেৰে বিসৰ্জন দিয়ে । ইফালে সন্ধিয়া তিনিচুকীয়াৰ টিংৰাই হাবি গংগাপাৰা পূজা সমিতিয়ে ৰাৱণ দাহন কাৰ্যসূচী আয়োজন কৰে । উল্লেখ্য যে, বিজয়া দশমীৰ সমান্তৰালকৈ দশেৰা হিন্দুসকলৰ বিশেষ উৎসৱ । ভগৱান ৰামে বিজয়া দশমীৰ দিনটোতেই ৰাৱনক বধ কৰিছিল । অশুভৰ ওপৰত শুভৰ বিজয় আৰু অসত্যৰ ওপৰত সত্যৰ জয়ৰ এই বৃহৎ উৎসৱত ৰাৱণ দাহনৰ লগতে কুম্ভকৰ্ণ আৰু মেঘনাথৰ পুত্তলিকাও দাহ কৰা হয় । এটা ধৰ্মীয় বিশ্বাস আছে যে এই দিনটোত ভগৱান ৰামে লংকাপতি ৰাৱণক বধ কৰি লংকা জয় কৰিছিল । সেই পৰম্পৰা অনুসৰিয়ে আজি বিজয়া দশমীৰ দিনা শ্ৰীপুৰীয়া গংগাপাৰাত ৰাৱণ দাহন কৰাৰ সমান্তৰালভাৱে বৃহৎ সংখ্যক ৰাইজে নৃত্য-গীতত আনন্দ উপভোগ কৰাৰ পৰিলক্ষিত হয় ।

লগতে পঢ়ক :Jorhat Durga immersion : যোৰহাটৰ পূজাডুবি ঘাটত ব্যস্ততা; চলি আছে বিসৰ্জন প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details