Exceptional wedding in Majuli: মথাউৰিত আয়তিৰ উৰুলি, নাৱৰ ওপৰত বিবাহ-অভ্যৰ্থনা ! বানৰ বাবে মাজুলীত ব্যতিক্ৰমী বিয়া - Assam Flood 2023
Published : Aug 27, 2023, 5:25 PM IST
মাজুলী,27 আগষ্ট:ভদীয়া বানৰ বাবেই বন্ধ হৈ পৰিছে মাজুলী-নিমাতী ফেৰী সেৱা । ভদীয়া বানৰ কবলত সত্ৰ নগৰী মাজুলীৰ বিভিন্ন অঞ্চল ৷ বানৰ কবলত মাজুলীৰ নৈপৰীয়া শালমৰা অঞ্চল ৷ বানৰ মাজতে মাজুলীত দেখা গ’ল এখন ব্যতিক্ৰমী বিয়া ৷ নাৱৰ ওপৰতে পৰম্পৰা ৰক্ষাৰ বাবে পাতিলে বিয়া ৷ জানিব পৰা মতে দেওবাৰে শালমৰাৰ বাসিন্দা তিলক চমুৱাৰ জীয়ৰীৰ আছিল তোলনী বিয়া । কিন্তু শনিবাৰৰ নিশাৰ পৰা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত পৰিয়ালটিৰ লাগে হাঁহাকাৰ । কিয়নো বাঢ়নী পানীত ডুব যাই ঘৰৰ চোতাল, বাট পথ ৷
ফলত উপায়ন্তৰ পৰিয়ালটোৱে ৰাইজৰ পৰামৰ্শ অনুসৰি এখন নাৱৰ ওপৰতেই তিলক চুমুৱাৰ জীয়ৰীৰ তোলনী বিবাহ সম্পন্ন কৰাৰ সিদ্ধান্ত ললে । ৰাইজৰ সহযোগত নাৱৰ ওপৰতেই তিলক চমুৱা কন্যাৰ আজি বিবাহ কাৰ্য সম্পন্ন হয় । মথাউৰীৰ ওপৰতেই আয়তিৰ উৰুলিত সম্পন্ন হয় এই শুভ কৰ্মৰ । এখন নাৱৰ ওপৰতে বিবাহৰ আভ্যৰ্থনা সমাপন হয় । বিয়া খাবলৈ বুলি নাও লৈ হলেও ৰাইজ আহিল । বানৰ মাজতে বিয়াখন পাতিবলৈ পাই তিলক চুমুৱাৰ পৰিয়ালৰ মুখতো হাঁহি বিৰিঙিল ৷
লগতে পঢ়ক:Majuli ferry Services suspended: অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা