অসম

assam

দুৰ্গা পূজাৰ প্ৰস্তুতি

ETV Bharat / videos

Durga Puja 2023: ধেমাজি ঐতিহ্যমণ্ডিত কামেশ্বৰী আইথানত দুৰ্গা পূজাৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 1:48 PM IST

ধেমাজি, 19 অক্টোবৰ : ৰাজ্যত এতিয়া শাৰদীয় উছাহ ৷ প্ৰতিখন জিলাতে চলিছে দুৰ্গা পূজাৰ পূৰ্ণ প্ৰস্তুতি ৷ ভক্তপ্ৰাণ ৰাইজ সাজু হৈছে মা দুৰ্গাৰ সেৱাত নিজকে ব্ৰতী কৰিবলৈ ৷ সকলো প্ৰান্তৰ দৰে ধেমাজিতো দেখিবলৈ পোৱা গৈছে ব্যাপক উছাহ ৷

ধেমাজিৰ ঐতিহ্যমণ্ডিত কামেশ্বৰী আইথানত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি ৷ সমগ্ৰ ৰাজ্যত দুৰ্গোৎসৱক লৈ ব্যাপক ব্যস্ততা ৷ দেখিবলৈ পোৱা গৈছে পূজা সমিতিসমূহৰ মাজত ৷ নগৰৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলৰ বিভিন্ন ঠাইত ঐতিহাসিক থানসমূহতো চলিছে ব্যাপক আয়োজন ৷

ধেমাজি বঙালমাৰীৰ ঐতিহ্যমণ্ডিত কামেশ্বৰী আইথানত দহখন গাঁৱৰ ৰাইজে একেলগে আঞ্চলিক ভিত্তিত আয়োজন কৰিছে দুৰ্গা পূজা ৷ মহাষ্টমীত শ শ ভক্তৰ সমাৱেশ হ’বলগীয়া থানখনত হাঁহ, পাৰ, ছাগলী আদি বলি বিধান প্ৰচলিত আছে । সেয়ে গাঁৱৰ যুৱক-যুৱতী সকলোৱে দহোবন কাটি কৰি ওলাই আহিছে পূজাৰ প্ৰস্তুতিত যিয়ে যেনেকৈ পাৰে সহায় সহযোগ কৰিবলৈ ৷

লগতে পঢ়ক :Durga Puja 2023: দুৰ্গা পূজাৰ প্ৰাকক্ষণত দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পীসকল

ABOUT THE AUTHOR

...view details