Durga Puja 2023: খাৰুপেটীয়াত ডেৰ লাখ টকা মূল্যৰ দুৰ্গা দেৱীৰ প্ৰতিমা তৈয়াৰ - দুৰ্গা পূজা
Published : Oct 2, 2023, 5:23 PM IST
দলগাঁও, ২ অক্টোবৰ : দুৱাৰদলিত শাৰদীয় দুৰ্গোৎসৱ । মাজত মাত্ৰ কেইটামাহ দিন বাকী । দুৰ্গা পূজা উপলক্ষে ব্যাপক প্ৰস্তুতি খাৰুপেটীয়াত । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙৰ খাৰুপেটীয়াত দুৰ্গোৎসৱক লৈ ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ লগতে পৰিয়ালৰ সদস্যসকলৰ ।
খাৰুপেটীয়াৰ জি এন বি ৰোডস্থিত খেতাশ্বৰ গাঁৱৰ জনপ্ৰিয় মৃৎশিল্পী উত্তম পালে খাৰুপেটীয়াৰ লগতে বিভিন্ন প্ৰান্তৰ পূজা কমিটীৰ অৰ্ডাৰ অনুসৰি বিভিন্ন আকাৰৰ দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে । ৪/৫ জন শ্ৰমিকৰ সৈতে দিনে নিশাই কৰ্ম ব্যস্ত উত্তম পাল । মৃৎশিল্পী উত্তম পালৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ৭ ফুটৰ পৰা ১১ ফুট উচ্চতাৰ দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি।
১৫-২০ হাজাৰৰ পৰা এক-ডেৰ লাখ টকীয়া দেৱী দুৰ্গাৰ প্ৰতিমাসমূহৰ মূল্য । প্ৰতিমা নিৰ্মাণৰ ব্যৱহৃত মাটি ,খেৰ , বাঁহ আদিৰ মূল্য এইবাৰ যথেষ্ট বৃদ্ধি হোৱাত খৰচ অনুসৰি এই বৃত্তিত লাভবান নহয় বুলি দুখ প্ৰকাশ কৰে মৃৎশিল্পীগৰাকীয়ে ৷ যোৱা ৩০ বছৰ ধৰি এই বৃত্তিত জড়িত শিল্পীগৰাকী । এইবাৰ খাৰুপেটীয়াত দুৰ্গা পূজা পূৰ্বতকৈ অধিক জাক-জমকতাৰে অনুষ্ঠিত হ’ব বুলি কয় মৃৎ শিল্পীগৰাকীয়ে ৷
লগতে পঢ়ক:Durga Puja 2023:বাইহাটা চাৰিআলিৰ কমলপুৰত নিৰ্মাণ হৈ আছে ৭০ ফুট উচ্চতাৰ ৰাৱণ