অসম

assam

Maha Saptami 2023: আজি মহা সপ্তমী, দেৱী বন্দনাৰে মুখৰিত তেজপুৰ

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 3:51 PM IST

দেৱী বন্দনাৰে মুখৰিত তেজপুৰ

তেজপুৰ,21 অক্টোবৰ :আজি মহা সপ্তমী ৷ দেৱী বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশ ৷ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰৰ বিভিন্ন পূজাস্থলীতো শনিবাৰে পুৱাৰে পৰা আৰম্ভ হয় শাৰদীয় দুৰ্গোৎসৱৰ বিধিগত সপ্তমী পূজা ৷ তেজপুৰৰ ঘৰপোৰা চুবুৰী জ্ঞানোদয় পুথিভঁৰাল প্ৰাংগনত অনুষ্ঠিত হোৱা মাজগাঁও সাৰ্বজনীন দুৰ্গা পূজাস্থলীত পুৱাৰে পৰা দেখা গৈছে ভক্তৰ সমাগম ৷

সম্পূৰ্ণ সাত্ত্বিকতাক গুৰুত্ব দি বিগত 20 বছৰে পূজা অনুষ্ঠিত হৈ আহিছে মাজগাঁও সাৰ্বজনীন দুৰ্গা পূজা ৷ ভক্তপ্ৰাণ মহিলাসকলে আজি পুৱাৰে পৰা ত্ৰিভূৱনেশ্বৰী দেৱী দুৰ্গা নামেৰে আধ্যাত্মিকতাৰ অনন্য পৰিৱেশ সৃষ্টি কৰিছে পূজাস্থলীত ৷ আনহাতে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত এই বছৰ মুঠ 446 খন পূজা অনুষ্ঠিত হৈছে । ইয়াৰ ভিতৰত তেজপুৰৰ ঐতিহাসিক ভৈৰৱী দেৱালয়ৰ পূজা সম্পূৰ্ণ সুকীয়া ৷  কাৰণ ইয়াত মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে বিগ্রহ পূজা অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক:Durga Puja 2023 : তেজপুৰত মহীষমৰ্দিনী নৃত্যৰে দেৱীক প্ৰতিষ্ঠা

ABOUT THE AUTHOR

...view details