Durga puja celebration: সঁচাই বিশেষ এইবাৰৰ দুৰ্গা পূজা, কিয় জানি লওক - দুৰ্গা পূজা উদযাপন
Published : Oct 21, 2023, 3:55 PM IST
বিশ্বনাথ, ২১ অক্টোবৰ :শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে দুৰ্গা পূজা । শুকুৰবাৰে সন্ধিয়া ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ল মা দুৰ্গাক । আজি, শনিবাৰে মহাসপ্তমী । মহাসপ্তমী উপলক্ষে মা দুৰ্গাৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈছে ৰাজ্যৰ ভিন্ন স্থান । সমান্তৰালকৈ বাদ পৰি ৰোৱা নাই বিশ্বনাথ জিলাও ।
জিলাখনৰ বিভিন্ন স্থানত দেখা গৈছে পূজাক লৈ উখল-মাখল পৰিৱেশ । ইফালে এইবাৰ বিশ্বনাথত ৯০ খনৰো অধিক পূজা মণ্ডপ সাজি উলিওৱা হৈছে ৷ প্ৰতিখন পূজা মণ্ডপকে সুকীয়া সুকীয়া আলোকসজ্জাৰে সজাই তোলা হৈছে ৷ লগতে এইবাৰ বিভিন্ন আৰ্হিত মণ্ডপ নিৰ্মাণ কৰি ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে । ইয়াৰ ভিতৰত বিহালী সমষ্টিৰ বৰগাং মৰাণ গাঁও পূজা ভাগ অন্যতম ।
শ্ৰীমদ ভাগৱতৰ আৰ্হিত নিৰ্মাণ কৰি উলিওৱা হৈছে এইভাগ পূজা মণ্ডপ । ২৪ টা বৰ্ষত ভৰি দিয়া এই মৰাণ গাঁও পূজা মণ্ডপে এতিয়া সকলোকে আকৰ্ষণ কৰা দেখা গৈছে । আজি মহাসপ্তমী পূজা ৰাতি ১.৩০ বজালৈ চলি থাকিব বুলি উল্লেখ কৰে পুৰোহিতে ।
লগতে পঢ়ক :Durga puja at Devi Dol : শিৱসাগৰৰ দেৱী দৌলত দুৰ্গা পূজাৰ ব্যাপক আয়োজন