Maha Saptami 2023: দেৱী বন্দনাৰে মুখৰিত চিলাপথাৰ - Durga Puja 2023
Published : Oct 21, 2023, 5:50 PM IST
জোনাই,21 অক্টোবৰ :আজি মহা সপ্তমী ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ ধৰে দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত চিলাপথাৰ ৷ চিলাপথাৰৰ ঐতিহাসিক শ্ৰীশ্ৰী তাম্ৰেশ্বৰী আই থানৰ লগতে এইবাৰ চিলাপথাৰত 40 খনকৈ পূজা অনুষ্ঠিত হৈছে ৷ এই কথা জানিবলৈ দিছে প্ৰশাসনে ৷
আজি চিলাপথাৰত পূজা মণ্ডপে মণ্ডপে গৈ দেৱীৰ আশীৰ্বাদ ল'লে বিধায়ক ভূৱন পেগুৱে ৷ ইফালে তিনি বছৰ পুৰণি পূজা সমিতিসমূহক 10 হাজাৰ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে ৷ সেয়ে দেৱীৰ আশিস লোৱাৰ লগতে বিধায়ক পেগুৱে তিনি বছৰ পুৰণি পূজা কমিটিসমূহক ৰাজ সাহায্য প্ৰদান কৰে।
‘‘মুখ্যমন্ত্ৰীৰ কথা অনুসৰি দলীয় কৰ্মীসকলক লগত লৈ তিনি বছৰীয়া পুৰণি পূজা কমিটিসমূহক 10 হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হয় ৷’’ এই মন্তব্য বিধায়ক ভূৱন পেগুৰ ৷
লগতে পঢ়ক:Durga puja2023: অভূতপূৰ্ব ! ঐতিহাসিক শ্ৰীশ্ৰী তাম্ৰেশ্বৰী আই থানত লানি নিচিগা ভিৰ