Durga Idol Immersion: বিজয়া দশমীৰ দিনটোত অসম-বাংলাদেশ সীমান্তত সম্প্ৰীতিৰ বিৰল দৃশ্য - Durga Idol Immersion
Published : Oct 25, 2023, 11:13 AM IST
কৰিমগঞ্জ, 25 অক্টোবৰ :মঙলবাৰে বিজয়া দশমীৰ দিনটোত অসম আৰু বাংলাদেশ সীমান্তত দেখা গ’ল সম্প্ৰীতিৰ এক বিৰল দৃশ্য ৷ অসমৰ কৰিমগঞ্জ আৰু বাংলাদেশ সীমান্তৰ কুশিয়াৰা নদীত দুয়োখন দেশৰ লোক সমবেত হৈ প্ৰতিমা বিসৰ্জন কৰিছিল ৷ একেসময়তে কৰিমগঞ্জৰ সমীপৰ কালিবাৰী ঘাট আৰু চিলেট বিভাগৰ জাকিগঞ্জত বিএছএফ আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ (বিজিবি) নিৰীক্ষণত বহুকেইটা মূৰ্তি বিসৰ্জন দিয়া হৈছিল ৷
কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে সদৰী কৰা অনুসৰি, "কৰিমগঞ্জত সন্ধিয়ালৈকে 80 টাতকৈও অধিক মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছিল । বাংলাদেশৰ ফালে, কমেও 10 টা বিসৰ্জন শোভাযাত্ৰা আছিল । বিএছএফ আৰু বিজিবি কৰ্মীৰ নিৰীক্ষণত নিজ নিজ দেশৰ পতাকা উৰুৱাই সুৰক্ষিতভাৱে নাৱে নাৱে মূৰ্তিসমূহ বিসৰ্জন দিবলৈ অনা হৈছিল ৷
উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই এই অনুষ্ঠানত অংশ লৈ কয়, "বাংলাদেশ আৰু ভাৰতৰ এই অংশৰ লোকসকলৰ মাজত এক উমৈহতীয়া সংস্কৃতি আৰু ভাষা আছে ৷ কুশিয়াৰাত বাৰ্ষিক দুৰ্গা বিসৰ্জনৰ সময়ত এই সামঞ্জস্য পৰিলক্ষিত হয় ৷ আমি আশা কৰোঁ যে দেশসমূহৰ মাজত সহযোগিতাৰ ভাব এনেধৰণে থাকক ৷"
ইফালে শিলচৰৰ বৰাক নদীৰ সাধৰ ঘাটত প্ৰায় 270 টা মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছিল । পৰৱৰ্তী দুদিনলৈ এই বিসৰ্জন প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি জানিব পৰা হৈছে ৷
লগতে পঢ়ক:Durga Idol Immersion Biswanath : বিশ্বনাথত ব্যাপক আনন্দ-উল্লাসৰ মাজেৰে দেৱীৰ প্ৰতিমা বিসৰ্জন