অসম

assam

সাৰৰ অবৈধ বেহা

ETV Bharat / videos

Illegal Fertilizer seized in Dalgaon: খাৰুপেটীয়াত ১০০ বেগ অবৈধ সাৰ আৰু বীজ জব্দ - Duplicated fertilizer in Dalgaon

By

Published : May 17, 2023, 9:03 PM IST

 দলগাওঁ, ১৭মে':সাৰৰ অবৈধ বেহাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ সময়তে খাৰুপেটীয়াত জব্দ ১০০ বেগ সাৰ আৰু ১৮ বেগ কৃষি বিভাগৰ ‌বীজ (Duplicated fertilizer in Dalgaon)। যি সময়ত সাৰ আৰু বীজৰ অত্যাধিক মূল্যই কৃষকক জ্বলাকলা খুৱাইছে তেনে সময়তে খাৰুপেটীয়াত অবৈধ সাৰ আৰু বীজৰ অবৈধ বেহাৰ তথ্য পোহৰলৈ আহিছে ।  

খাৰুপেটীয়া আৰক্ষী আৰু জিলা কৃষি বিষয়াৰ এক যৌথ অভিযানত জব্দ হয় অবৈধ সাৰ আৰু বীজখিনি (Duplicated fertilizer seized in Kharupetia)। উল্লেখ্য যে, দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে কমাৰপাৰা গাঁৱত অবৈধ সাৰ-বীজৰ বেহাৰ খৱৰ লাভ কৰাত জিলা কৃষি বিষয়াৰ সহযোগত যৌথ অভিযান চলাই কমাৰপাৰা গাঁৱৰ মিৰ্জুন আলীৰ ঘৰত ।

এই অভিযানত ১০০ বেগ সাৰ  আৰু ১৮ বেগ কৃষি বিভাগৰ মাকৈ বীজ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । জব্দ কৰা সাৰ আৰু বীজৰ নাই কোনো ধৰণৰ বৈধ নথি পত্ৰ । সাৰখিনি নকল বুলি সন্দেহ কৰা হৈছে। তদুপৰি বীজৰো নাই কোনো ধৰণৰ বৈধ নথি পত্ৰ । এই সন্দৰ্ভত উক্ত ব্যৱসায়ত জড়িত থকাৰ অভিযোগত কমাৰপাৰা গাঁৱৰ মিৰ্জুন আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক:Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ জখলাবন্ধাত অপৰাধ অনুসন্ধান শাখাৰ দল

For All Latest Updates

ABOUT THE AUTHOR

...view details