Duplicate Potash seized : অবৈধ সাৰ কাৰখানাত ধূলা আৰক্ষীৰ অভিযান
দলগাঁও,9 জুলাই: খাৰুপেটীয়াত অবৈধ সাৰ কাৰখানাত আৰক্ষী-কৃষি বিভাগৰ অভিযান । এক গোপন খবৰৰ ভিত্তিত খাৰুপেটীয়া আৰু ধূলা আৰক্ষীয়ে কৃষি বিভাগৰ সহযোগত দেওবাৰে অভিযান চলায় খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱত ৷ অভিযানত জব্দ সাৰ বনোৱা মেচিনসহ ৭০ বস্তা নিমখ, ৰঙৰ পেকেট আৰু নকল পটাচ সাৰ ৷ খাৰুপেটীয়াৰ বিহুদিয়াৰ গাঁৱৰ আব্দুল হান্নান নামৰ লোকজনৰ ঘৰত চলি আছিল অবৈধ সাৰৰ ব্যৱসায় ।
নিমখত ৰং মিহলাই অবৈধভাৱে পটাছ সাৰ প্ৰস্তুত কৰি থকা অৱস্থাতে অভিযানকাৰী দলটোৱে হাতে-লোটে জব্দ কৰে বৃহৎ পৰিমাণৰ নকল পটাছ সাৰ আৰু ৭০ বস্তা নিমখ ৷ অবৈধ সাৰ ব্যৱসায়ী আব্দুল হান্নান পলায়ন কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে কৃষি প্ৰধান অঞ্চলত চলি থকা এনে নকল সাৰৰ কাৰখানাই চিন্তিত কৰি তুলিছে কৃষকসকলক ।
লগতে পঢ়ক:Scam in the allotment of land:ভূমি আৱন্টনৰ নামত ৰাজ্যত চলিছে বৃহৎ কেলেংকাৰী