Jania Incident: যান্ত্ৰিক বিজুতিৰ বাবে পথাৰত নামিল বায়ুসেনাৰ হেলিকপ্টাৰ - Due to mechanical failure Air Force helicopter
Published : Oct 11, 2023, 10:22 PM IST
জনিয়া, 11 অক্টোবৰ:বৃহৎ অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্টাৰ ৷ বুধবাৰে বিয়লি বৰপেটাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কান্দাপাৰাত যান্ত্ৰিক বিজুতিৰ বাবে পথাৰৰ মাজত জৰুৰী অৱতাৰণ কৰে ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্টাৰ ৷ ফলত পাইলটসহ হেলিকপ্টাৰখনত থকা চাৰিজনকৈ লোকৰ প্ৰাণ ৰক্ষা পৰে ।
উল্লেখ্য যে, হেলিকপ্টাৰখন লক্ষ্যস্থানলৈ গৈ থকা অৱস্থাত হঠাতে মাজ আকাশত যান্ত্ৰিক বিজুতি ঘটে । ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাৰ বাবে পাইলটে কান্দাপাৰাৰ পথাৰৰ মাজতে জৰুৰী ভাবে অৱতৰণ কৰে । এই ঘটনাৰ পিচতে ভাৰতীয় বায়ুসেনাৰ আন এখন হেলিকপ্টাৰ ঘটনাস্থলীত উপস্থিত হৈ যান্ত্ৰিক বিজুতি ঘটা হেলিকপ্টাৰখনৰ মেৰামতিৰ কাম আৰম্ভ কৰে ৷
লগতে পঢ়ক:Antyodaya Anna Yojana : জীৱিত হিতাধিকাৰীক মৃত দেখুৱাই বঞ্চিত কৰা হ’ল অন্ত্যোদয়া অন্ন যোজনাৰ পৰা