Holi Bizarreness: হোলীৰ নামত একাংশ যুৱকৰ অতপালি, কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ - হোলীৰ আনন্দ
আমগুৰি,৮ মাৰ্চ: ৰাজ্যৰ চৌদিশে হোলীৰ আনন্দ। হোলীৰ নামত একাংশ যুৱকে সুৰাপান কৰি মাতাল হৈ নাজিৰা নগৰত উদ্ভণ্ডালিৰ সৃষ্টি কৰে । এই উদ্ভণ্ডালিয়ে চৰম সীমা অতিক্ৰম কৰে (Drunkers attack on police) ৷ ৰহোলীৰ আনন্দৰ মাজতে শিৱসাগৰ জিলাৰ নাজিৰাত হোলীৰ নামত একাংশ যুৱকৰ অতপালিৰ ফলত কৰ্তব্যৰত আৰক্ষীকো প্ৰহাৰ কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
নাজিৰাত হোলীৰ নামত অসভ্যালি কৰি একাংশ উদণ্ড যুৱকে যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ অহা কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰে। উদণ্ড যুৱকে মহিলা আৰক্ষীৰ গাতো হাত তোলে । ইয়াৰ উপৰিও আৰক্ষীৰ বাহনো কিছু ক্ষতি হোৱাৰ কথা জানিব পৰা গৈছে ৷ ইতিমধ্যে যান বাহন আৰক্ষীয়ে উদণ্ড যুৱকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে।
লগতে পঢ়ক:Dol Purnima 2023: দৌল পূৰ্ণিমা উপলক্ষে নুনমাটিত হোলীকা দাহন কাৰ্যসূচী