অসম

assam

সুৰামত্ত আৰক্ষীৰ বাহনৰ খুন্দাত আহত কিশোৰী

ETV Bharat / videos

Drunken Police hits a minor girl: সুৰামত্ত আৰক্ষীৰ বাহনৰ খুন্দাত আহত কিশোৰী - মেৰাপানী আৰক্ষী থানা

By

Published : Jul 29, 2023, 8:26 PM IST

তিতাবৰ, 29 জুলাই : ইটোৰ পিচত সিটো বিতৰ্কই লগ এৰা নাই অসম আৰক্ষীক ৷ পুনৰ অসম আৰক্ষীক লজ্জানত কৰিলে এগৰাকী আৰক্ষী জোৱানে। দিন দুপৰতে টেঁটুলৈকে এগাল গিলি সুৰামত্ত অৱস্থাত হেলমেট অবিহনেই স্কুটী চলাই আহি মেৰাপানীৰ নেঘেৰীবিলত খুন্দিয়াই আহত কৰিলে এগৰাকী কিশোৰীক। তৃতীয় অসম আৰক্ষী বেটেলিয়নৰ নেফানী কেম্পত থকা মিলন গগৈ নামৰ জোৱানজনক শনিবাৰে বিয়লি এই ৰূপত দেখা পোৱা গ'ল। সুৰাৰ নিচাত আৰক্ষীৰ মুখত ভালকৈ নুফুটে কথা ৷ 

সুৰামত্ত জোৱানজনে চলাই অহা AS-03-U-9614 নম্বৰৰ স্কুটীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই এগৰাকী কিশোৰীক খুন্দিয়াই আহত কৰাৰ পাচতেই ৰোষত পৰে ৰাইজৰ। স্থানীয় ৰাইজে জোৱানজনক স্কুটীসহ গতাই দিয়ে মেৰাপানী আৰক্ষী থানাত। সম্প্ৰতি আহত কিশোৰীগৰাকী ভৰ্তি কৰোৱা হৈছে মেৰাপানীৰ সমূহীয়া চিকিৎসালয়ত। 

লগতে পঢ়ক:Muharram 2023: লখিমপুৰত উলহ মালহেৰে মহৰম উদযাপন

ABOUT THE AUTHOR

...view details