Drugs smuggling : নিচামুক্তি কেন্দ্ৰতে চলে ড্ৰাগছ-জুৱাৰ মেলা - Drugs smuggling in Assam
টীয়ক,২ ফেব্ৰুৱাৰী :টীয়কৰ জগদুৱাৰস্থিত নিচামুক্তি কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি (Tense situation in Rehabilitation centre at Teok)। কেন্দ্ৰৰ ৰোগী তথা নিচাসক্ত লোকক চিকিৎসাৰ নামত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ । কেন্দ্ৰটোত ড্ৰাগছৰ লগতে জুৱাৰ বেহা চলাৰো অভিযোগ একাংশ লোকৰ ।
উল্লেখ্য যে যুৱ প্ৰজন্ম ক্ৰমাৎ ড্ৰাগছৰ প্ৰতি যথেষ্ট আসক্ত হোৱাক লৈ সমগ্ৰ ৰাজ্যবাসী চিন্তিত হৈ পৰিছে (Drugs smuggling in Assam)। ৰাজ্য চৰকাৰেও ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । আৰক্ষীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিতৌ ড্ৰাগছ ব্যৱসায়ী আটক কৰি জেললৈ প্ৰেৰণ কৰিছে (Assam Police raid against Drugs)। সমান্তৰালকৈ ৰাজ্যৰ বহু সংখ্যক ব্যক্তি তথা সামাজিক সংস্থাই নিচামুক্ত কেন্দ্ৰ স্থাপন কৰি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা তথা চিকিৎসাৰ ব্যৱস্থা কৰিছে ।
কিন্তু টীয়কৰ জগদুৱাৰত প্ৰায় সাত মাহৰ পূৰ্বে স্থাপন কৰা এখন নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ স্থানীয় ৰাইজ তথা সচেতন ব্যক্তিৰ । জানিব পৰা মতে উক্ত কেন্দ্ৰটোত প্ৰায় ১৮ জনকৈ নিচাসক্ত যুৱকক চিকিৎসাৰ নামত মাহে পোন্ধৰ হাজাৰকৈ টকা লৈ চিকিৎসাৰ নামত কেৱল মানসিক অত্যাচাৰ আৰু মাৰপিট কৰে কেন্দ্ৰৰ তত্বাবধায়কে (Physical abuse of Rehabilitation centre patient) ।
লগতে নিশা কেন্দ্ৰটোত ড্ৰাগছৰ লগতে জুৱাৰ বেহা চলে বুলিও অভিযোগ উত্থাপন কৰিছে একাংশ লোকে । কেন্দ্ৰটোত ১০ গৰাকী এইডচ ৰোগী আছে বুলিও জানিব পৰা গৈছে ।
ইফালে কেন্দ্ৰটোৰ চৌহদত বৃহৎ পৰিমাণৰ চিৰিঞ্জকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে । লক্ষণীয়ভাৱে কেন্দ্ৰটোৰ স্থাপনৰ ক্ষেত্ৰত টীয়ক পৌৰসভাৰ কোনোধৰণৰ অনুজ্ঞাপত্ৰ নাই বুলিও মন্তব্য কৰিছে কেন্দ্ৰটোৰ তত্বাৱধায়কে । বৃহস্পতিবাৰে কেন্দ্ৰটোত থকা যোৰহাটৰ এজন যুৱকক অভিভাৱকে সাক্ষাৎ কৰিবলৈ অহাৰ সময়তে কেন্দ্ৰটোৰ সমগ্ৰ ৰহস্য পোহৰলৈ আহিছে । লগে লগে ভুক্তভোগী পৰিয়ালটোৱে স্থানীয় ৰাইজৰ সহায় বিচাৰে আৰু আৰক্ষীক খবৰ দিয়ে ।
ইফালে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে কেন্দ্ৰটোত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় ৰাইজে উক্ত কেন্দ্ৰটো অতি শীঘ্ৰে বন্ধ কৰিবলৈও প্ৰশাসনক দাবী জনাইছে । নিচামুক্তি কেন্দ্ৰৰ নামত চলি থকা ড্ৰাগছ তথা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈও দাবী জনাইছে ৰাইজে ।
লগতে পঢ়ক :Drugs seized in Karbi Anglong: কাৰ্বি আংলঙত ৬ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩