Drugs seized in Titabor: তিতাবৰত ড্ৰাগছসহ আৰক্ষী জালত তিনি যুৱক
যোৰহাট,১১ ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৷ ৰাজ্যত সৰবৰাহ আৰু প্ৰচলন বন্ধ কৰিবলৈ অসম আৰক্ষীয়ে ধাৰাবাহিক ভাবে অভিযান আৰম্ভ কৰিছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোপনে চলি আছে ড্ৰাগছৰ বিক্ৰী আৰু সৰবৰাহ (Anti drugs mission in Assam)। নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ধ্বংসৰ গৰাহত পৰিছে বহু যুৱক-যুৱতীৰ জীৱন ৷ তদুপৰি ধ্বংস হৈছে একো একোখন ঘৰ ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্ম তথা সমাজখনক উদ্ধাৰৰ কৰিবলৈ ৰাজ্য চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ড্ৰাগছ বিৰোধী ব্যৱস্থা ৷
এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক তৎপৰতাৰে চলাই গৈছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান ৷ বিগত ডেৰ বছৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা জব্দ হৈছে বহু হেজাৰ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী ৷ লগতে আটক হৈছে বহু ড্ৰাগছ সৰূবৰাহকাৰী ৷ তথাপিও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৷ গোপন সূত্ৰ ভিত্তিত অভিযান চলায় শুকুৰবাৰে নিশা তিতাবৰ আৰক্ষীয়ে তিতাবৰত জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছৰ লগতে সৰবৰাহকাৰীকো ৷
এখন বিলাসী গাড়ীৰে গোলাঘাট জিলাৰ পৰাৰ তিনি ধৃত যুৱকে ড্ৰাগছ খিনি তিতাবৰলৈ কঢ়িয়াই লৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি ৷ AS-03-AF-4863 নম্বৰৰ বিলাসী বলেৰ’ গাড়ীখনত লৈ অহা হৈছিল ড্ৰাগছখিনি (Drugs seized in Titabor)৷ অভিযানকালত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৰাজীৱ শ্যাম, প্ৰৱাল দাস আৰু পাৰ্থ দাসক আটক কৰিবলৈ সক্ষম হয় (Drugs peddler arrested in titabor)৷
এই সৰবৰাহৰ সৈতে মাইনা দাস নামৰ এজন যুৱকো জড়িত আছিল যদিও আৰক্ষী চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয় । অভিযোগ অনুসৰি ড্ৰাগছ সৰবৰাহৰ লগতে অন্যান্য অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অপৰাধত পূৰ্বেও জেল হাজোতলৈ যাব লগা হৈছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । উল্লেখ্য যে, তিতাবৰ সীমান্তৱৰ্তী অঞ্চলত একাংশই সন্দেহজনক ড্ৰাগছ সৰবৰাহ আৰু বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে । সেহে সমাজত বৰবিহ হিচাপে থিয় দিয়া ড্ৰাগছৰ বিৰুদ্ধে তিতাবৰ আৰক্ষীক কঠোৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে ।
লগতে পঢ়ক :Sankaradeva Sangha Conference: শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ আহি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বাছ