অসম

assam

২ গৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীসহ ড্ৰাগছ জব্দ

ETV Bharat / videos

Drugs seized: ২ গৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীসহ ড্ৰাগছ জব্দ - ২ গৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীসহ ড্ৰাগছ জব্দ

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 1:43 PM IST

ৰহা, 2 নৱেম্বৰ :ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ বুধাবাৰে নিশা নগাঁও জিলাৰ চাপৰমুখত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলোৱাৰ সময়তে চাপৰমুখ তিনিআলিৰ পৰান তিনিটা চাবোনৰ বাকচ ভৰ্তি হেৰ’ইনসহ দুই মহিলাক আটক কৰিবলৈ সক্ষম হয় ৷ 

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ডিমাপুৰৰ পৰা ৰে'লেৰে চাপৰমুখলৈ আহিছিল মহিলাদুগৰাকী। চাপৰমুখ ষ্টেচনৰ পৰা নগাঁৱলৈ যাবলৈ লওঁতেই চাপৰমুখ তিনিআলিত আৰক্ষীয়ে আটক কৰে মহিলা দুগৰাকীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী মহিলা দুগৰাকীৰ নাম মাৰ্জিনা বেগম আৰু আবিদা বেগম বুলি জানিবলৈ দিয়ে । দুয়োগৰাকীৰে ঘৰ নগাঁৱৰ বৰভেটিত বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।

ইতিমধ্যে মহিলা দুগৰাকীক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ লক্ষণীয় যে নগাঁও জিলাত ড্ৰাগছৰ বিৰুদ্ধে ইটোৰ পিচত সিটো অভিযান চলাই থকাৰ পিচতে গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷

লগতে পঢ়ক:Drug Peddler detained: ৰাজ্যত এতিয়া সৰ্বত্ৰে ড্ৰাগছ বেপাৰীৰ অবাধ দৌৰাত্ম্য

ABOUT THE AUTHOR

...view details