Operation against Drugs: ডিব্ৰুগড়ত 24 ঘন্টাৰ ভিতৰত দুটা স্থানত ড্ৰাগছসহ সৰবৰাহকাৰী আটক - বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত দ্ৰব্য জব্দ
Published : Sep 22, 2023, 10:31 AM IST
ডিব্ৰুগড়/নাহৰকটীয়া, 22 ছেপ্টেম্বৰ :ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাচতো জিলাখনত ড্ৰাগছ সৰবৰাহ বন্ধ হোৱা নাই । জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত প্ৰতিদিনে উদ্ধাৰ হৈছে বৰবিহ স্বৰূপ ড্ৰাগছ । বৃহস্পতিবাৰে নিশা আৰু শুকুৰবাৰে পুৱা জিলাখনৰ দুটা স্থানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷
সাৰ নগৰী নামৰূপত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে নিশা নামৰূপৰ গোলাইবস্তিত দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন দুই যুৱকৰ নাম অমৰ মুখাৰ্জী আৰু চিন্তু দাস বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে অভিযুক্ত ধৃত যুৱকদ্বয়ৰ পৰা তিনিটা চাধা টেমাত প্ৰায় 10 গ্ৰামতকৈ অধিক ড্ৰাগছ আৰু ম’বাইল জব্দ কৰিবলৈ সক্ষম হয় ৷
আনহাতে, নাহৰকটীয়াৰ জয়পুৰতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ এই অভিযানৰ সময়তে জয়পুৰ আৰক্ষী থানাৰ তহলদাৰী আৰক্ষীয়ে শুকুৰবাৰে পুৱা জয়পুৰ নগাঘাটৰ সমীপৰ পৰা অৰুণাচল অভিমুখে গৈ থকা AS 06 AJ 5275 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা 29 টা টেমাত প্ৰায় 360 গ্ৰাম বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে আৰক্ষীয়ে তিনিগৰাকী অৰুণাচলী মহিলাক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ সুত্ৰই জানিবলৈ দিয়া মতে, জব্দকৃত ড্ৰাগছখিনিৰ মূল্য কোটি টকাৰো অধিক ।
লগতে পঢ়ক :Youth missing news: নাৰায়ণপুৰৰ জামুগুৰিৰ পৰা নিৰুদ্দেশ ১৯ বছৰীয়া দিপিকান্ত মিলি