অসম

assam

নলবাৰীৰ খাৰঝাৰাত ড্ৰাগছ সহ আটক দুই সৰবৰাহকাৰী

ETV Bharat / videos

Drugs Paddlers Arrested: নলবাৰীৰ খাৰঝাৰাত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী - Drugs News Assam

By

Published : Mar 25, 2023, 8:52 AM IST

নলবাৰী, 25 মাৰ্চ:ৰাজ্যজুৰি চৰকাৰ তথা অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ প্ৰক্ৰিয়াৰে অভিযান অব্যাহত ৰাখিছে যদিও হ্ৰাস পোৱা নাই ড্ৰাগছৰ সৰবৰাহ (Drugs News Assam) ৷ আৰক্ষীৰ চকুত ধূলি দি নিতৌ ন ন কৌশলেৰে একাংশই দিনে নিশাই চলাই গৈছে ড্ৰাগছৰ এখন সাম্ৰাজ্য (Drugs Paddlers Arrested in Nalbari) ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো ড্ৰাগছ তথা বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান । বিভিন্ন সময়ত নলবাৰী আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ ক’লা ব্যৱসায়কে ধৰি ইয়াৰ সৰবৰাহৰ লগত জৰিত এচামক গ্ৰেপ্তাৰ কৰি আহিছে যদিও বৰ্তমানেও অব্যাহত আছে এনে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৷ শেহতীয়াকৈ জিলাখনৰ মুকালমুৱাত আৰক্ষীয়ে ড্ৰাগছৰ এটা ঘাটি উৎখাত কৰাৰ পিছতো অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ (Drugs Seized in Nalbari) ৷  

শুকুৰবাৰে নলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খাৰঝাৰাত প্ৰায় এক লক্ষাধিক টকা মূল্যৰ সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় নলবাৰী আৰক্ষীয়ে ৷ জিলাখনৰ মুকালমুৱাত দুজন বাইক আৰোহীৰ পৰা ৭৫ .৪৫ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী (Nalbari Police Detained Drugs Paddler)৷

জানিব পৰা মতে সন্ধিয়া এক গোপন তথ্যৰ ভিত্তিত তাৎক্ষণিক তালাচীত নামি পৰে নলবাৰী আৰক্ষীৰ এটি দল । তালাচীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ সৰবৰাহকাৰী মুকালমুৱাৰ আফতাব উদ্দিন আৰু মনোৱাৰ হুছেইন নামৰ দুয়োজনকে আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । সম্প্ৰতি নলবাৰী আৰক্ষীয়ে ধৃত দুই যুৱকক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Fake Gold Boat Seized: নকল সোণৰ নাওসহ 6 টা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details