অসম

assam

ETV Bharat / videos

Drugs seized in Sivasagar: শিৱসাগৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰৱৰাহকাৰী - Assam Police anti drug Operation

By

Published : Aug 3, 2022, 3:03 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

শিৱসাগৰত পুনৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰৱৰাহকাৰী (Drugs Peddler Arrested in Sivasagar) ৷ আৰক্ষীৰ কঠোৰ স্থিতিৰ পাছতো ড্ৰাগছ সৰৱৰাহকাৰীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰৱৰাহ । আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এখন গাড়ীত শিৱসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰ (Brown sugar seized in Sivasagar)। AS 04 Q 9443 নম্বৰৰ এখন ডাষ্টন গাড়ীত দুই ড্ৰাগছ পেডেলাৰ ক্ৰমে নগৰৰ গণকপট্টিৰ বিতু ঠাকুৰ আৰু হাবিৰাম বৰা পথৰ অনুৰাগ বৰগোঁহাইয়ে নিষিদ্ধ ব্ৰাউন ছুগাৰ সৰৱৰাহ কৰাৰ সময়তে হাতে লোটে কৰায়ত্ত কৰে আৰক্ষীয়ে (Assam Police anti drug Operation) । উল্লেখযোগ্য যে, বিতু ঠাকুৰ নামৰ যুৱকজন পূৰ্বেও ড্ৰাগছ সেৱন আৰু সৰৱৰাহৰ বাবে গ্ৰেপ্তাৰ হৈছিল ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details