Drugs Peddlers Arrested in Cachar: কাছাৰত 50 হাজাৰ নিচাজাতীয় টেবলেট জব্দ
কাছাৰ,18 জুলাই: ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যৰ অলিয়ে-গলিয়ে উপলব্ধ হৈ পৰিছে মাৰাত্মক ড্ৰাগছ ৷ আনহাতে কাছাৰতো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ৷ এইবাৰ কাছাৰত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে কাছাৰ আৰক্ষীয়ে ৷ কাছাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কাশিপুৰত অভিযান চলাই আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ প্ৰায় 10 কোটি টকাৰ মূল্যৰ ড্ৰাগছসহ তিনি জনক আটক কৰিবলৈ সক্ষম হৈছে ৷
ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী কেইটা হ’ল আজিজুৰ ৰহমান, বাৰাক চাউ মিঞা আৰু আয়াজ উদ্দিন ৷ ইফালে তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা 50 হাজাৰ নিচাজাতীয় টেবলেত জব্দ কৰে আৰক্ষীয়ে ৷ আনহাতে কাছাৰত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক:Barmese supari seized : বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ