অসম

assam

Drugs peddler detained : নলবাৰীত ৰাইজে ধৰি ড্ৰাগছ সৰবৰাহকাৰীক গতালে আৰক্ষীক

By

Published : Aug 11, 2023, 5:34 PM IST

নিচাজাতীয় সামগ্ৰীয়ে ছানি ধৰিছে অসম

নলবাৰী, ১১ আগষ্ট : ৰাজ্যত অবাধ হাৰত বৃদ্ধি পাব ধৰিছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা । ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীয়ে ছানি ধৰিছে অসম । অসমৰ যুৱচামৰ ভবিষ্যতক পংগুত্বৰ দিশে ঠেলি দিছে ৷ বৰবিহৰূপী ড্ৰাগছ এতিয়া সুলভ হৈছে যুৱ চামৰ হাতে হাতে ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো আৰক্ষীয়ে প্ৰতিদিনাই আটক কৰিছে ড্ৰাগছ সেৱনকাৰী তথা সৰবৰাহকাৰীক । জিলাখনৰ ভিন্ন প্ৰান্তত ড্ৰাগছে ছানি ধৰাত আৰক্ষী যিমানে কঠোৰ হৈছে, সিমানেই ড্ৰাগছ সৰবৰাহকাৰীয়েও ন ন কৌশলেৰে চলাই গৈছে বৰবিহৰূপী ড্ৰাগছৰ বেহা ।

জিলাখনত এনে উদ্বেগজনকভাৱে ড্ৰাগছৰ বেহা বৃদ্ধি পোৱাত সাধাৰণ ৰাইজো সজাগ আৰু সচেতন হোৱা পৰিলক্ষিত হৈছে । আৰক্ষীয়ে নিতৌ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰি থকাৰ মাজতে ৰাইজেও ঠায়ে ঠায়ে আটক কৰি আহিছে বহু বৰবিহৰ বেপাৰী তথা সেৱনকাৰীক ।

শুকুৰবাৰে পুনৰ নলবাৰী চহৰৰ মাজমজিয়াত ৰাইজে আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক । দীৰ্ঘদিনৰে পৰা নলবাৰী চহৰত এই ড্ৰাগছ সৰবৰাহকাৰীটো ড্ৰাগছৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে । পৰৱৰ্তী সময়ত ৰাইজে ড্ৰাগছ সৰবৰাহকাৰীটো উত্তম মাধ্যম সোধাই গতাই দিয়ে নলবাৰী সদৰ আৰক্ষীক ।

ইফালে ধৃত সৰবৰাহকাৰীটোৱে ৰাইজ অহাৰ উমান পাই দলিয়াই দিয়ে ড্ৰাগছ ভৰ্তি কন্টেইনাৰ । অৱশ্যে ধৃত সৰবৰাহকাৰীটোৱে নলাত দলিয়াই দিয়া কন্টেইনাৰ বিচাৰি উলিওৱাৰ পাচত আৰক্ষীয়ে থানালৈ লৈ যায় অভিযুক্তটোক ।

লগতে পঢ়ক :Drugs peddler arrested:বৰপথাৰত ড্ৰাগছসহ আটক এটা ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details