অসম

assam

জোনাইত ড্ৰাগছসহ তিনি সৰবৰহাকাৰী আটক

By

Published : Apr 5, 2023, 5:38 PM IST

ETV Bharat / videos

Drugs seized at Jonai: জোনাইত ড্ৰাগছসহ তিনি সৰবৰহাকাৰীক আটক

জোনাই, ৪ এপ্ৰিল: ৰাজ্যত ড্ৰাগছবিৰোধী অব্যাহত থকাৰ পিচতো প্ৰতিদিনে ন ন কৌশল অবলম্বন কৰি ড্ৰাগছৰ বেহা চলাই আহিছে একাংশ সৰবৰাহকাৰীয়ে ৷ এইবাৰ ধেমাজি জিলাৰ জোনাইত গেলামালৰ দোকানত ওলালে বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs seized at Jonai) ৷ জানিব পৰা মতে জোনাই আৰক্ষীয়ে এক বিশেষ সুত্ৰৰ পম খেদি অসম-অৰুণাচল সীমান্তৰ ৰুকিনৰ এখন গেলামাল দোকানত অভিযান চলাই প্ৰথমে দিলীপ দাস নামৰ লোকজনৰ পৰা কিছু পৰিমাণে ড্ৰাগছ জব্দ কৰে ৷ 

তাৰ পিচতে আৰক্ষীয়ে তাতছ আৰু ৰাজ টায়ে নামৰ দুটা সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে জোনাইৰ ৰাজ টায়েৰ ঘৰত তালাচী চলাই এগৰাকী যুৱতীৰ পৰা প্ৰায় ২০ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় (Drugs peddler detained at Jonai) ৷ যুৱতীগৰাকী অৰুণাচল প্ৰদেশৰ য়িংঙৰ পৰা আহি জোনাইত ড্ৰাগছ ব্যৱসায় কৰি থকা বুলি জানিব পৰা গৈছে ৷  

লগতে পঢ়ক:Firing in Dhubri: ধুবুৰীৰ গোলকগঞ্জত ব্ৰয়লাৰ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা

উল্লেখযোগ্য যে, ৰাজ টায়ে নামৰ যুৱকজন পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ ঘটনাত জড়িত হৈ আৰক্ষীৰ জালত পৰিছিল ৷ সেই সময়ত আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৰাজক ৷ তাৰ পিচতে ৰাজে পুনৰ জেলৰ পৰা ওলাইয়েই ড্ৰাগছ সৰবৰাহত জৰিত হৈ পৰে ৷

ABOUT THE AUTHOR

...view details