অসম

assam

By

Published : Dec 17, 2022, 2:18 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / videos

Drugs seized: মুকালমুৱা আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী

নলবাৰী জিলাৰ মুকালমুৱাৰ লাৰকুছি আৰু শনিৰোডত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Anti drugs mission in Nalbari) । দুয়োটা স্থানত আৰক্ষীয়ে পৃথক পৃথক অভিযান চলাই জব্দ কৰে মুঠ ৫৮ টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু এখন নম্বৰপ্লেটবিহীন স্কুটী । ৩নং লাৰকুছিত দৌলাশাল আৰক্ষীয়ে অভিযান চলাই আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক(Drugs Peddler Arrested In Nalbari) । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম তফেছ আলী বুলি জানিব পৰা গৈছে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ৪৮ টা ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ কৰে । আনহাতে শনিৰোডৰ চ'ক বজাৰৰ এখন জুৱেলাৰী দোকানত মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই ১০ টা ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু এখন নম্বৰ প্লেটবিহীন স্কুটী জব্দ কৰে(Drugs seized in Mukalmua) । আৰক্ষীৰ অভিযানৰ উমান পাই জুৱেলাৰী দোকানখনৰ স্বত্বাধিকাৰী ছাদ্দাম হুছেইনে পলায়ন কৰে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details