Drugs smuggling in Assam: নলবাৰীৰ সূতাৰকুছিত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী - Illegal drugs trade in Assam
Published : Nov 5, 2023, 2:16 PM IST
নলবাৰী, ৫ নৱেম্বৰ:নলবাৰী জিলাৰ সূতাৰকুছিত এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ । মুকালমুৱা থানাৰ আৰক্ষীয়ে সূতাৰকুছিত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে মুজাক্কিৰ হুছেইন । আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা হেৰ'ইনভৰ্তি ২০ টা সৰু কন্টেইনাৰ আৰু ২ টা ডাঙৰ কন্টেইনাৰকে ধৰি মুঠ ২২ টা কন্টেইনাৰ জব্দ কৰে । আৰক্ষীয়ে লগতে AS-25N-6526 নম্বৰৰ এখন দুচকীয়া বাহন জব্দ কৰে ।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী মুজাক্কিৰ হুছেইনৰ ঘৰ জিলাখনৰ লোহাৰকাঠাত । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আহিছিল । যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে নিশা অভিযান চলাই সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি মুকালমুৱা আৰক্ষী থানাৰ লক আপৰ আলহী হৈছে ড্ৰাগছ সৰবৰাহকাৰী মুজাক্কীৰ হুছেইন ।
লগতে পঢ়ক:BJP leader killed in Chhattisgarh : নিৰ্বাচনৰ প্ৰাকক্ষণত ছত্তীশগড়ত বিজেপি নেতাক হত্যা মাওবাদীৰ