অসম

assam

ETV Bharat / videos

Drugs seized by Police: হেৰ’ইনসহ ৰঙিয়া আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী - ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Dec 27, 2022, 1:47 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ৰঙিয়াত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান (Anti drug operation at Rangia)। পুনৰ ৰঙিয়া আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী । লগতে উদ্ধাৰ কৰা হৈছে লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ (Drugs peddler arrested at Rangia)। ৰঙিয়া আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি ৰঙিয়াৰ শৌলমাৰীৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰী যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে ৰঙিয়াৰ কমাৰগাঁৱৰ তিতকুৰিৰ অমৰজ্যোতি দাস । ধৃত সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰঙিয়াৰ সমীপৰ মলোখাটত ৰৈ থকা AS 01 FD 4363 নম্বৰৰ SPRESSO বাহনখনৰ পৰা ২২ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰে (Drugs seized at Rangia) আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে ৰঙিয়া থানাত ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক মাৰথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details