অসম

assam

নলবাৰীত আটক ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat / videos

Drugs Paddler Arrested: নলবাৰীৰ বদনি আখিয়াত আটক ড্ৰাগছ সৰবৰাহকাৰী - আটক ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Apr 4, 2023, 1:50 PM IST

নলবাৰী, ৪ এপ্ৰিল: ৰাজ্যত এফালে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান আৰু আনফালে অব্যাহত আছে ড্ৰাগছৰ অবৈধ সৰবৰাহ (Assam police anti drugs mission)।  আৰক্ষীৰ কঠোৰ অভিযানৰ মাজতেই বিভিন্ন উপায়েৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে  ড্ৰাগছৰ সৰবৰাহ ।

ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত থকাৰ মাজতেই নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত বদনী আখিয়াত এটা ড্ৰাগছ সৰবৰাহকাৰী আটক আৰক্ষীৰ (Drugs Paddler Arrested) ৷ বদনী আখিয়াত আদাবাৰী পহৰা চকীৰ আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰে (Drugs Paddler Arrested in Nalbari) ৷  

ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মমতাজ আলী (২৯) বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১২.৭৬ গ্ৰাম সন্দেজনক হেৰ'ইন আৰু এটা মোবাইল জব্দ কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰ লোহাৰকাঠাত বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ সৰবৰাহকাৰীটোৱে অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই আহিছিল (Police  Arrested Drugs Paddler in Nalbari) ৷

ABOUT THE AUTHOR

...view details