Drugs in Assam: ৰঙিয়াত দহ লক্ষাধিক টকাৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ দুই
ৰঙিয়া, ২৫ জুলাই:ৰঙিয়াৰ তৰণীত দহ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ হেৰ'ইনসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ । সোমবাৰে নিশা আৰক্ষীয়ে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তৰণীত হেৰ'ইনসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কিন্তু আৰক্ষীৰ উমান পাই বাইক লৈ পলায়ন কৰে আন দুটা ড্ৰাগছ সৰবৰাহকাৰী ।
সোমবাৰে নিশা ৰঙিয়াৰ সমীপৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তৰণীৰ ৰাস মন্দিৰৰ সমীপত ৰঙিয়া আৰক্ষী আৰু তুলসীবাৰী আৰক্ষীয়ে যুটীয়া অভিযান চলাই নাগ্ৰীজুলি অভিমুখী AS 25 R 6575 নম্বৰৰ বাইকত তালাচী চলাই দুই বাইক আৰোহীৰ পৰা জব্দ কৰে ১৩ গ্ৰাম নিষিদ্ধ হেৰ'ইন । লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাগ্ৰীজুলিৰ দয়খংচা বসুমতাৰী আৰু বাব্লু বড়ো । আৰক্ষীয়ে লগতে কন্টেইনাৰ ভৰ্তি এটা টোপোলা, এটা চিৰিঞ্জ, এটা চাবোনৰ বাকচ আৰু দুটা মোবাইল ফোন জব্দ কৰে ।
ধৃত দুই হেৰ'ইন সৰবৰাহকাৰীয়ে এটা ক’লা ৰঙৰ পলিথিনত মেৰিয়াই আনিছিল নিষিদ্ধ হেৰ'ইনসহ আপত্তিজনক সামগ্ৰীখিনি । ইফালে,আৰক্ষীৰ অভিযানৰ উমান পাই আন দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে বাইকসহ পলায়ন কৰে তামুলপুৰ অভিমুখে । বৰ্তমান আৰক্ষীয়ে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:Monsoon Session 2023: সদনত বিৰোধীৰ হুলস্থূলৰ সুযোগ ল'বলৈ সাজু চৰকাৰ !