অসম

assam

ETV Bharat / videos

Drugs seized in Jamugurihat: জামুগুৰিহাটত গাঞ্জাসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী - Drugs dealer arrest at Gataimari

By

Published : Oct 12, 2022, 1:29 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান (Anti drugs mission by Assam police) ৷ এনে অভিযানৰ মাজতো একাংশ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া (Drugs business in Assam) ব্যৱসায় । ইয়াৰ মাজতেই মঙলবাৰে নিশা জামুগুৰি আৰক্ষীয়ে ১৪ কেজি গাঞ্জাসহ (Ganja seized at Jamugurihat) এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত গাঞ্জা বেপাৰীজনৰ নাম আইনুল হক (Drugs dealer arrest at Gataimari)। নিশাৰ ভাগত জামুগুৰি আৰক্ষীয়ে (Jamaguri Police Station) বিশেষ সূত্ৰৰ পম খেদি জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ চকীঘাটৰ সমীপৰ গটাইমাৰীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ জেৰাত ধৃত আইনুলে গাঞ্জাখিনি মাজবাটৰ পৰা বিক্ৰীৰ বাবে ক্ৰয় কৰি অনাৰ কথা স্বীকাৰ কৰে । ইপিনে গাঞ্জা বেপাৰীজনে ব্যৱহাৰ কৰা AS12N 2159 নম্বৰৰ মটৰ চাইকেলখনো জব্দ কৰে জামুগুৰি আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details