মৈৰাবাৰীত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী - Anti drugs mission by Assam police
🎬 Watch Now: Feature Video
ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান(Anti drugs mission by Assam police)৷ এনে অভিযানৰ মাজতো একাংশ সৰবৰাহকাৰীয়ে ন ন পন্থা অৱলম্বন কৰি চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়খন । ফলত নৱপ্ৰজন্মৰ বাবে মাৰাত্মক ব্যাধিত পৰিণত হোৱা নিষিদ্ধ ড্ৰাগছে আৱৰি ধৰিছে সমাজখনক ৷ এনে এক পৰিৱেশেই বিৰাজ কৰিছে মৰিগাঁও জিলাৰ মৈৰাবাৰীত(Drugs dealer arrest in Mairabari)। ইয়াৰ মাজতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মৈৰাবাৰীৰ স্থানীয় এটা ড্ৰাগছ মাফিয়া দিদাৰুল ইছলামক । উল্লেখ্য় যে দীৰ্ঘ দিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি দিদাৰুলে মৈৰাবাৰীত চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায়খন ।অৱশেষত গ্ৰেপ্তাৰ হোৱা দিদাৰুলৰ লগতে একেটা ৱাৰ্ডৰে আবু বক্কৰ ছিদ্দিক নামৰ আন এজন যুৱককো ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাতে হাতে লুটে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা ১০৪ টা ড্ৰাগছ ভৰ্তি কেণ্টেইনাৰ আৰু নগদ ধন জব্দ কৰিছে । উল্লেখ্য় যে ধৃত দিদাৰুলৰ বিৰুদ্ধে আছে চুৰি, ডকাইতি, হত্যাকাণ্ড আদিৰ দৰে বহুকেইটা গুৰুতৰ অপৰাধৰ অভিযোগ ।
Last Updated : Feb 3, 2023, 8:27 PM IST