Mission against Drugs: জোনাইত ড্ৰাগছ বিৰোধী অভিযানত আটক মহিলাসহ পাঁচ সৰবৰাহকাৰী - জোনাই আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
জোনাই, 4 আগষ্ট: জোনাইত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান । জোনাইত এগৰাকী মহিলা সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ ।
জোনাই আৰক্ষীৰ এটা দলে স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বৃস্পতিবাৰে দিনৰ ভাগত বজাত মূৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ সমীপৰ নগঞা কেম্প অঞ্চলৰ বাসিন্দা জামাল আলী নামৰ লোকজনৰ ঘৰত অভিযান চলায় ৷ এই অভিযানত প্ৰায় 7 গ্ৰাম নিষিদ্ধ হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ এই অভিযানত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত জামাল আলীৰ লগতে পত্নী ৰহিমা খাতুনকো আটক কৰে ৷
আনহাতে, নিষিদ্ধ ড্ৰাগছ সেৱনৰ লগত জড়িত থকাৰ অভিযোগত নগঞা কেম্পৰ ফইজুল আলি, ৰমজান আলি আৰু সমীৰ আলিক আটক কৰিছে ৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে জোনাই থানাত পাঁচ অভিযুক্তক জেৰা অব্যাহত ৰাখিছে জোনাই আৰক্ষীয়ে ৷
লগতে পঢ়ক :Drugs Peddler detained :নলবাৰী চহৰৰ মাজমজিয়াত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী