অসম

assam

ড্ৰাগছসহ এজন আসক্ত যুৱক আটক

ETV Bharat / videos

Drugs addicted detained: ড্ৰাগছসহ এজন আসক্ত যুৱক আটক - ড্ৰাগছ বিৰোধী অভিযান

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 8:00 PM IST

জনীয়া, 23 ছেপ্টেম্বৰ : ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ শুকুৰবাৰে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেউকুৰা চকৰ পৰা এটা ড্ৰাগছ আসক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন ড্ৰাগছ আসক্তটো হালধীয়া গাঁৱৰ আব্বাছ আলী বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দেউকুৰা চকৰ পৰা খেদি খেদি আটক কৰিবলৈ সক্ষম হয় আসক্তটোক ৷ যদিও দুই সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় ৷ পলাতক দুই সৰবৰাহকাৰী আলম আৰু ছাদ্দাম বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে আব্বাছ আলীৰ স্কুটীৰ পৰা এটা চাবোনৰ বাকোচৰ পৰা 10.78  গ্ৰাম ড্ৰাগছ জব্দ কৰে। 

লগতে আৰক্ষীয়ে আব্বাছ আলীৰ নম্বৰবিহীন স্কুটী, AS 15T 6807 নম্বৰৰ য়ামহা এফ জেড আৰু দুটা মোবাইল ফোন জব্দ কৰে। স্থানীয় ৰাইজে ড্ৰাগছ ব্যৱসায়ীসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।

লগতে পঢ়ক:4 Robbers detained: তিনিচুকীয়া আৰক্ষীৰ জালত চাৰি দুধৰ্ষ ডকাইত

ABOUT THE AUTHOR

...view details