অসম

assam

ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক

ETV Bharat / videos

Drug Peddler detained: ৰাজ্যত এতিয়া সৰ্বত্ৰে ড্ৰাগছ বেপাৰীৰ অবাধ দৌৰাত্ম্য - Anti drugs operation

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 1:16 PM IST

নলবাৰী/বৰপেটা, ২ নৱেম্বৰ :ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ একেদিনাই নলবাৰী আৰু বৰপেটা জিলাত ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

প্ৰথমটো ঘটনাত, বৰপেটা জিলাৰ জেইল ৰোডত ড্ৰাগছৰ কন্টেইনাৰসহ জাহিদুল ইছলাম নামৰ এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ৰাইজে ৷ ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা স্থানীয় লোকে বহুকেইটা কণ্টেইনাৰ জব্দ কৰে ৷ জাহিদুল নামৰ ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰ বাঘবৰৰ আগ মন্দিয়া গাঁৱত বুলি জানিব পৰা গৈছে ৷

দ্বিতীয়টো ঘটনাত,নলবাৰীৰ বৰ্ণিবাৰীত ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰা হৈছে । বৃহস্পতিবাৰে মুকালমুৱা আৰক্ষীয়ে বৰ্ণিবাৰীত অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম জেহেৰুল হ'ক(২৫) বুলি জানিব পৰা গৈছে । 

আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীটোৰ পৰা ১৫ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জেহেৰুলক পূৰ্বতেও মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ অপৰাধত আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও জেলৰ পৰা মুকলি হৈ আহি জেহেৰুলে পুনৰ অঞ্চলটোত ড্ৰাগছৰ সৰবৰাহ আৰম্ভ কৰিছিল। 

এই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে পুনৰ অভিযান চলাই জেহৰুলক আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি মুকালমুৱা আৰক্ষী থানাত জেৰা চলাই আছে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক ।

লগতে পঢ়ক:Youth attacks woman by liquor bottle: সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ

ABOUT THE AUTHOR

...view details