Drugs Peddler arrested: নগাঁৱত ড্ৰাগছ বিৰোধী অভিযানত জব্দ মাৰণাস্ত্ৰ - নগাঁৱত ড্ৰাগছ বিৰোধী অভিযানত জব্দ মাৰণাস্ত্ৰ
নগাঁৱত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই এটা 7.65 MM পিষ্টল, তিনি জাঁই সজীৱ গুলী আৰু ব্ৰাউন চুগাৰসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে(Drug Peddler arrested with Arms in Nagaon) ৷ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত চলিছিল এই অভিযান ৷ আৰক্ষীৰ অভিযানৰ সময়ত আটক হোৱা সৰবৰাহকাৰীকেইটা ক্ৰমে ইক্ৰামূল হক, ফৰিদা বেগম আৰু ৰুহিনা বেগম বুলি জানিব পৰা হৈছে(Drugs Peddler arrested in Nagaon) ৷ ম’হখুলিৰ ৰজত আলী ওৰফে মুন্না নামৰ ড্ৰাগছ মাফিয়াটোৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ ৰজত আলীয়ে পৰিয়ালৰ আনসকলৰ লগত মিলি দীৰ্ঘদিনৰ পৰা চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে কুখ্যাত ড্ৰাগছ মাফিয়া ৰজত ওৰফে মুন্নাৰ লগতে তেওঁৰ পিতৃ বিল্লাল উদ্দিন ৷ ড্ৰাগছ মাফিয়টোৰ ঘৰত উদ্ধাৰ হোৱা 7.65 MM পিষ্টল আৰু গুলীৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে ইতিমধ্যে নগাঁও সদৰ থানাত ধৃত সৰবৰাহকাৰীকেইটাৰ জেৰা চলাই আছে আৰক্ষীয়ে(Assam police anti drug campaign) ৷
Last Updated : Feb 3, 2023, 8:34 PM IST