অসম

assam

অনিয়মেৰে চলা ফাৰ্মাচীৰ বিৰুদ্ধে কঠোৰ লখিমপুৰ জিলা উপায়ুক্ত

By

Published : May 18, 2023, 8:04 PM IST

ETV Bharat / videos

Unlicensed pharmacies: লখিমপুৰত ছীল হ’ল ছখনকৈ অনুজ্ঞাপত্ৰহীন ফাৰ্মাচী

লখিমপুৰ, 18 মে’: অনিয়মেৰে চলা ফাৰ্মাচীৰ বিৰুদ্ধে কঠোৰ লখিমপুৰ জিলা উপায়ুক্ত ৷ উপায়ুক্তৰ নিৰ্দেশত বুধবাৰ আৰু বৃহস্পতিবাৰে জিলাৰ ঔষধ পৰিদৰ্শকে দণ্ডাধীশ আৰু আৰক্ষীক লগত লৈ জিলাখনৰ ফাৰ্মাচীসমূহত অভিযান চলায় (Drive Against unlicensed pharmacies) ৷  

এই অভিযানত লখিমপুৰৰ ছখনকৈ ফাৰ্মাচী ছীল কৰে জিলা ঔষধ পৰিদৰ্শকে ৷ ঔষধ পৰিদৰ্শক হেমচন্দ্ৰ ভট্টই সদৰী কৰা অনুসৰি বুধবাৰৰ পৰা জিলাখনত উপায়ুক্তৰ নিৰ্দেশত চলোৱা দুদিনীয়া অভিযানত ছখন ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ নোপোৱাৰ বাবে ছীল কৰি দিয়া হয় ৷ ফাৰ্মাচীসমূহৰ অনুজ্ঞাপত্ৰ, সক্ষমতা অনুসৰি বিক্ৰী কৰিব পৰা ঔষধ, সক্ষমতা অতিক্ৰম কৰি ৰখা দৰৱ আদি বিভিন্ন দিশ এই অভিযানত পৰীক্ষা কৰা হয় (Unlicensed pharmacies in Lakhimpur) ৷  

ছীল কৰা ফাৰ্মাচী কেইখন হ’ল লখিমপুৰৰ নৰ্থ বেংক এপ'ল', টি মেডিকেল, বিহপুৰীয়াৰ এছ এছ মেডিক'জ, ডিক্ৰং মেডিকেল, দেওতোলা মেডিকেল হল আৰু লাইফ লাইন মেডিকেল (Drive Against unlicensed pharmacies in Lakhimpur) ৷ ফাৰ্মাচীসমূহে পৰৱৰ্তী সময়ত বৈধ অনুজ্ঞাপত্ৰ দাখিল কৰিলে তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা বিভাগীয় ব্যবস্থা প্ৰত্যাহাৰ কৰা হ’ব বুলিও ঔষধ পৰিদৰ্শকজনে জানিবলৈ দিয়ে (Drug Inspector seal Six unlicensed pharmacies) ৷

লগতে পঢ়ক:CM at Tinsukia: নৱনিৰ্মিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details