Drought situation in Assam: পথাৰত চিৰাল ফাঁট মেলাত বিপাঙত কৃষক - পথাৰত চিঁৰাল ফাঁট মেলাত বিপাঙত কৃষক
মৰাণ, ৫ জুন:প্ৰখৰ ৰ'দৰ বাবে গ্ৰামাঞ্চলৰ পথাৰসমূহত পানী শুকাই এতিয়া চিঁৰাল ফাঁট মেলিবলৈ আৰম্ভ কৰিছে (Drought situation in Dibrugarh)। ফলত ৰাজ্যৰ আন ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ এটা কৃষি প্ৰধান অঞ্চল জকাই বৰবিলৰ কৃষকে এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে । বিগত সময়ত এই বৃহৎ পথাৰখনৰ কৃষকসকলে মাটি চহাই কঁঠিয়া ৰুবলৈ আৰম্ভ কৰে যদিও এইবাৰ পানীৰ অভাৱৰ বাবে পথাৰৰ মাটি চহাব পৰা নাই । দুই এজন কৃষকে মাটি চহাইছিল যদিও ৰ'দৰ তাপত শুকাই পুনৰ ঘাঁহ বন গজিবলৈ আৰম্ভ কৰিছে ।
উল্লেখ্য যে, এই অঞ্চলৰ এশ শতাংশ লোক কৃষিৰ লগত জড়িত । প্ৰতিজন কৃষকে নিজৰ খেতিডৰাকলৈয়ে ন ন সপোন দেখে । প্ৰতিজন কৃষকে খেতিডৰাত শস্য উৎপাদন কৰি বজাৰত বিক্ৰী কৰি ল'ৰা-ছোৱালীক উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়ে । খেতিডৰাত উৎপাদন কৰা সকলো সামগ্ৰী বজাৰত বিক্ৰী কৰি প্ৰতিজন কৃষকে নিজৰ অভাৱ পূৰণ কৰে । এইবাৰ পানীৰ অভাৱৰ বাবে খেতি কৰিব নোৱাৰিলে প্ৰতিজন কৃষকৰ প্ৰতিটো পৰিয়ালৰ সপোন চুৰমাৰ হৈ যোৱাৰ কথা বৰ্ণনা কৰিছে ।